পৃষ্ঠা:মানৱ জ্যোতি.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
২৬

 মানৱ জ্যোতি অনুভূতি কৰিবলৈ যেনেকৈ বিশ্ব নিয়ন্তাৰ ৰূপ ধ্যান কৰি শুচি পৱিত্ৰ আৰু একান্ত ব্ৰতী হােৱা আৱশ্যক তেনেকৈ সাহিত্য চৰ্চ্চা আৰু গ্রন্থ প্রণয়ন কৰোতেও শুদ্ধ সৎ পৱিত্র ভাৱ লৈ বিশ্বজগতৰ প্রতিনিধি বুলি ধাৰণা কৰা প্রয়ােজন। বিশ্বজগতৰ প্রতিনিধি বুলি ধাৰণা হলে সাহিত্যিকৰ অন্তৰ শুদ্ধ সৎ আৰু পৱিত্ৰ হৈ আহে আৰু লগে লগে “শিবং সত্যং সুন্দৰং” পথ অনুসৰণ কৰিব সমর্থ হয়। এই ত্রিগুণ সম্পন্ন ভাৱ লৈ সাহিত্য প্রণয়ন হলে সাহিত্য মঙ্গলময় হৈ উঠে। বিশ্বজগতৰ প্রতিনিধি ভাৱ নােহােৱা সাহিত্যিক সাহিত্য শিবহীন যজ্ঞৰ নিচিনা। বিশ্বজগতৰ প্রতিনিধি ধাৰণাতেই পৰম আনন্দ পােৱা যায়। এই আনন্দই সাহিত্যত পৰিস্ফুত হয়। সাহিত্যত যিমানেই আনন্দ ভাৱ সম্প্ৰসাৰণ হয় সিমানেই জগতৰ মঙ্গল হয়৷ জগতৰ মঙ্গল