পৃষ্ঠা:মানৱ জ্যোতি.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
৩১

বিচাৰে। অন্তৰ-দেৱতাৰ এই নিগুঢ় ভাৱ আহে, দুখ শােক আৰু কষ্টৰ মাজেৰে। একোটি দুখ কষ্টৰ কাৰণেই সংসাৰ ৰঙ্গমঞ্চৰ একোখনি যবনিকা। প্রত্যেকখন যবনিকা পৰা মাত্রকে মানৱ অন্তৰে ভাবে যে মায়া মােহ সকলাে মিছা। তেতিয়া সকলাে প্রতিবন্ধক, সকলাে সঙ্কীর্ণতা, সকলাে বন্ধন ঠেলি অন্তৰ-মানৱে প্রকাশ হবলৈ প্রয়াস কৰে। সত্যৰূপে স্বপ্ৰকাশৰ ভাৱ প্ৰৱল হলে মায়াৰ মৰীচিকা, বিভীষিকা আৰু প্রবঞ্চনাই নানান প্রলােভনত পেলাব যত্ন কৰে। প্রলােভনত পৰি মানৱ অন্তৰ নিস্তেজ আৰু নৈৰাশ হয়।

 কিন্তু ক্ষণজন্মা মহাপুৰুষ মহাত্মা সকলে মায়াৰ তীক্ষ্ণ প্রলােভনত প্রলােভিত নহৈ নিজৰ নিজত্ব বজাই ৰাখি প্রকাশ কৰিবলৈ পথ মুকলি কৰি লয়। চয়তানৰ প্রলােভন ঠেলি মহামানৱ যীশুখৃষ্টই নিজৰ নিজত্ব প্রকাশ কৰিলে। মাৰ