পৃষ্ঠা:মানৱ জ্যোতি.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
১২

সোমাই যেনেকৈ চাৰিওফালে পোহৰ কৰে তেনেকৈ মানৱ জ্যোতিও মানৱ দেহত সোমাই চাৰিওফালে পোহৰ কৰে। আত্মাৰূপী জ্যোতি মানৱ শৰীৰ আৰু মন আশ্ৰয় কৰি নিজৰ পোহৰ বিস্তাৰ কৰে। গতিকে শৰীৰ, মন আৰু অৱস্থা ভেদে জ্যোতিৰ গুণ আৰু ৰঙ পৃথক পৃথক দেখা যায়। ক্ৰোধৰ বশীভূত মন হলে জ্যোতিৰ ৰঙ ৰঙা হয়। কামৰ বশীভূত হলে জ্যোতিৰ ৰং জবা ফুলৰ দৰে হয়। স্বাৰ্থৰ বশীভূত হলে সুমথিৰা টেঙাৰ নিচিনা হয়। আনন্দ আৰু শান্তি ভাৱত থাকিলে জ্যোতিৰ ৰঙ উজ্জ্বল আৰু ধবল বৰ্ণ হয়।

 প্ৰকৃত জ্যোতি সৎ চিৎ আৰু আনন্দময়। এয়ে হৈছে বিশ্ব নিয়ন্তাৰ স্বৰূপ। সূৰ্য্যৰ ৰশ্মি কাচৰ মাজেৰে প্ৰতিফলিত হোৱাৰ দৰে বিশ্ব-নিয়ন্তাৰ স্বৰূপ জ্যোতিভাৱে মানৱ হৃদয়ৰ মাজেৰে প্ৰতি- ফলিত হয়। মানৱ অন্তৰত যি চৈতন্যময় ‘অহং” নিহিত আছে সেই “অহং” চৈতন্যই মানৱ দেহ