পৃষ্ঠা:মানৱ জ্যোতি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি

কোনোৱে ইচ্ছা নকৰে। গতিকে প্ৰমাণৰ চকুৰে এই সত্য বাক্যটি বিচাৰ কৰা প্ৰয়োজন। সত্য কথাৰ প্ৰমাণ— প্ৰত্যক্ষ, পৰোক্ষ, সাক্ষ্য আৰু শাস্ত্ৰাদিৰ দ্বাৰা প্ৰতিফলিত হয়। প্ৰত্যক্ষ প্ৰমাণৰ অভাৱত শাস্ত্ৰাদিৰ প্ৰমাণেৰেও সত্য উপলব্ধি কৰিব পৰা যায়। শাস্ত্ৰৰ উক্তি হৈছে মহাত্মা, আত্মদৰ্শী, মানৱ প্ৰতিনিধি লোক সকলৰ উক্তি। পৰম বহুদশী জ্ঞানীলোক সকলে প্ৰত্যক্ষ উপলব্ধি কৰি ঘোষণা কৰিছে, যে এই বিশ্বজগত বৈষম্যৰে পূৰ্ণ নহয়; ইয়াত সৌম্য, ঐক্য আৰু সামঞ্জস্য ভাৱ বিৰাজ কৰি আছে। বিশ্ব সাহিত্যৰ পাতে পাতে তেওঁলোকে ঘোষণা কৰিছে যে জগত আনন্দময় আৰু ঐক্য সূত্ৰেৰে সকলো একত্ৰ গঁঠা। শাস্ত্ৰক বিশ্বাস কৰিলে এই ঘোষিত কথা নুই বুলিব নোৱাৰি। অৱশ্যে শাস্ত্ৰ-বিশ্বাস নোহোৱা লোকসকলৰ মনত জগত চিত্ৰ-বিচিত্ৰ লগা স্বাভাবিক। প্ৰত্যক্ষ আত্ম-প্ৰমাণ আৰু শাস্ত্ৰ-