পৃষ্ঠা:মানৱ জ্যোতি.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
৩৪

মানসিক, নৈতিক আৰু আধ্যাত্মিক জীৱনৰ উৎকর্ষ সাধনৰ ফলত মনােবৃত্তি শুদ্ধ, সৎ আৰু শান্ত হৈ আহে । বিশুদ্ধ বায়ু সেবন, নিৰ্ম্মল স্থানত বাস, সুনিয়ন্ত্রিত ব্যায়াম আৰু নিৰ্ম্মল আহাৰ ভােজন আদিৰ ফলত শাৰীৰিক কৃষ্টি বাঢ়ে। শাৰীৰিক কৃষ্টিৰ লগে লগে মনৰ কৃষ্টি বাঢ়ে। সুস্থ শৰীৰ হলেই সুস্থ মন হয়। চৈতন্যময় আত্মৰূপী জ্যোতিৰ বাসস্থান দেহৰূপী মন্দিৰ। দেহ-মন্দিৰ শুদ্ধ আৰু পৱিত্র হলে মনাে শুদ্ধ আৰু পবিত্র হয়। দেহ- মন্দিৰৰ গঠন কাৰ্য্য বিশেষকৈ ভােজন বিলাসৰ ওপৰত হে নিৰ্ভৰ কৰে। দৈনিক ভােজনৰ সাৰাংশই দেহ পুষ্টিকৰ বস্তু। সাত্বিক ভােজনত দেহ সাত্বিক হৈ আহে। । দেহ সাত্বিক হলে মনােসাত্বিক হয়। মন সাত্বিক হলে বিবেকৰ বাণীমতে মনে ন্যায় অন্যায় বিচাৰ কৰে। ন্যায় অন্যায় বিচাৰৰ সিদ্ধান্ত