পৃষ্ঠা:মানৱ জ্যোতি.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
৩৭


 

১০৷ সামৰণি৷

 শুদ্ধ সৎ নিৰ্ম্মল জ্যোতিৰ প্ৰভাৱত জগৎ শান্তিময় হৈ উঠে। সৎ জ্যোতিৰ প্ৰভাৱত অসৎ জ্যোতিৰ প্ৰভাৱ নাশ হয়। সৎ জ্যোতি বঢ়াৰ লগে লগে আনন্দ অনুভৱ শক্তিয়াে বাঢ়ে। ব্যক্তিগত আনন্দ বঢ়াৰ লগে লগে সমাজৰ, মানৱৰ, জগতৰ সকলােৰে আনন্দ বাঢ়ে। ব্যক্তিগত মানবৰ সমষ্টিয়েই মানৱজাতি আৰু ক্ষুদ্র ক্ষুদ্র মানৱ জ্যোতিৰ সমষ্টিয়েই বিশ্বব্যাপক জ্যোতি। গতিকে প্রত্যেক মানৱেই নিজ নিজ , , অসৎ প্রবৃত্তি নাশ কৰি সৎ জ্যোতিৰ সাধনাৰে জগতত আনন্দ বিতৰণ কৰিবলৈ পুৰুষাৰ্থ কৰা প্রয়ােজন। প্রত্যেক হৃদয়ত সৎজ্যোতিৰ প্রভাৱ প্রকাশ হলে জগতৰ অন্ধকাৰ দূৰীভূত হৈ পূর্ণ জ্যোতিৰ শান্তি প্ৰভাৱ বিস্তাৰ হব। এই বিশ্বময় শান্তিয়েই প্রত্যেক অন্তৰ-আনন্দিত।