পৃষ্ঠা:মানৱ জ্যোতি.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
১৬

দমন কৰি জগতত শান্তি বর্ষণ কৰিবলৈ প্রয়াস কৰা প্রয়ােজন।

৪। জ্যোতিৰ প্ৰসাৰণ।

 বন্তিৰ পােহৰ বন্তিৰ ভিতৰত দিয়া শলিতাৰ ওপৰত নিৰ্ভৰ কৰে। শলিতাৰ ডাঙৰ সৰু অনুসাৰে বন্তিৰ পােহৰাে কম বেচি হয়। সেইদৰে মানৱ অন্তৰত আত্ম-অনুভূতি অনুসাৰে জ্যোতিৰ পােহৰ কম বেচি হয়। আত্ম অনুভূতি বঢ়াৰ লগে লগে জ্যোতিৰো শক্তি বাঢ়ে। যিমানেই জ্যোতিৰ শক্তি বাঢ়ে সিমানেই ব্যাপী পৰে। মহাত্মা, ঋষি, মুনি সকলে নিজৰ পৱিত্ৰ জ্যোতিৰ প্ৰভাৱত নিজ নিজ আশ্রম, স্থান আদি পবিত্র আৰু শুদ্ধ কৰি ৰাখে। সেই কাৰণে কোনাে আশ্রম, মঠ, মন্দিৰ, বা নাম ঘৰত সােমালে মনত শান্তি পােৱা যায় । পিতৃপুৰুষ সকলে সন্তানৰ প্ৰতি ধন সম্পত্তি সঞ্চিত কৰাৰ দৰে মহাপুৰুষ মহাত্মা, ঋষি, মুনি,