পৃষ্ঠা:মানৱ জ্যোতি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি

বিশ্বাসৰ অভাৱত জগতৰ সৌম্য মূৰ্ত্তি উপলব্ধি কৰা অসম্ভৱ হব পাৰে কিন্তু সেই বুলি জগতত সৌম্যমূৰ্ত্তি নাই বুলি কব নোৱাৰি। আজি পৃথিবীৰ সকলো অন্ধ মানুহে যদি এক বাক্যে কয় যে সূৰ্য্যৰ আলোক শক্তি নাই; এই কথা দৃষ্টিশক্তি থকা মানুহে বিশ্বাস কৰিব নে?

 বৰ্ত্তমান যুগত বৈজ্ঞানিক বস্তুৰ অনুভূতিত আবিষ্কাৰ কৰা কল-কৌশল, যন্ত্ৰপাতিবোৰ অনভিজ্ঞ লোকসকলৰ মনত অতি ভয়াবহ, বৈষম্যপূৰ্ণ আৰু কিম্ভুদাকাৰ যেন লাগে। আকৃতি- প্ৰকৃতিত সেই কল-কৌশলবোৰ সকলো পৃথক পৃথক। গতিকে অনভিজ্ঞ লোকৰ মনত সকলো আচৰিত যেন লাগে। কিন্তু বৈজ্ঞানিক বিজ্ঞলোক সকলৰ পক্ষে সেই বৈষম্যপূৰ্ণ কল-কাৰখানাৰ মাজতো ঐক্যৰ সুৰ এটি আছে। সেইদৰে সাধন মাৰ্গত অগ্ৰসৰ হব নোৱাৰা অনভিজ্ঞ লোকসকলৰ মনত এই বিশ্ব জগত বৈষম্যপূৰ্ণ। কিন্তু প্ৰকৃত