পৃষ্ঠা:মানৱ জ্যোতি.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি

আৰু আনন্দ বিস্তাৰ কৰিব আকাঙক্ষা কৰে। ব্যক্তিগত প্ৰেম আৰু আনন্দ বিশ্বময় আনন্দত লীণ কৰিবলৈ উৎকণ্ঠিত হয়। ভূমা আনন্দৰ আস্বাদ গ্ৰহণ কৰিবলৈ উৎকণ্ঠিত হলে মানৱ অন্তৰত বিশুদ্ধ ভাৱৰ উদ্ৰেক হয়। ভাৱ উদ্ৰেকৰ লগে লগে বিশ্বব্যাপক আনন্দ অনুভূতি কৰে। আনন্দৰ অনুভূতিয়ে মানৱ হদয়ত স্পন্দন কৰায়। এই স্পন্দন ক্ৰমাগত স্থায়ী হৈ এটি স্থীৰ আৰু ধীৰ গতিত পৰিণত হয়। এই স্থীৰ গতিয়ে অন্তৰত এটি ঐশ্বৰিক শক্তি সঞ্চাৰণ কৰি দিয়ে। আকৌ এই ঐশ্বৰিক শক্তিয়ে মানৱক সত্য, সুন্দৰ আৰু মঙ্গলময় পথৰ পথিক কৰি তোলে। এই ত্ৰিগুণ- সম্পন্ন পথত আগুৱাওঁতে আগুৱাওঁতে মানৱ অন্তৰ জগতৰ মঙ্গলাকাঙক্ষী হৈ পৰে। জগতৰ মঙ্গল কামনাত ব্ৰতী হলে ত্যাগৰ ভাৱ জন্মে আৰু ত্যাগেই হৈছে সুখ আৰু শান্তি। ত্যাগৰ গুণত ভাৱ ক্ৰমে ক্ৰমে সূক্ষ্ম হৈ সকলোকে আত্মবৎ দেখে।