পৃষ্ঠা:মানৱ জ্যোতি.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
৩২

মায়াৰ প্রলােভন ঠেলি মহাপুৰুষৰ বুদ্ধদেৱে নিজৰ নিজত্ব প্ৰকাশ কৰিলে ; অজ্ঞান অন্ধকাৰৰূপ মায়াৰ প্রলােভন ঠেলি হজৰত মহম্মদে নিজৰ নিজত্ব প্রকাশ কৰিলে। এনেকুৱা ক্ষণজন্মা মহালােক সকলে লীলাৰ মাজেৰে মায়াক ঠেলি নিজৰ অন্তৰ-মানৱৰ প্ৰভা প্রকাশ কৰি জগত শান্তিময় কৰি ৰাখিবপাৰিছে। এই অন্তৰ-মানৱৰ প্ৰভা প্রকাশেই জ্যোতিৰ প্রকাশ।

 মায়াক ঠেলি জ্যোতি প্রকাশ হলে মান, অপমান, লাজ, ভয়, দুখ, কষ্ট, শােক, তাপ, একো নােহােৱা হয়। মায়া দূৰতো বিদূৰ হৈ যায়। মায়া দূৰ হলেই মানৱ অৰন্তৰৰ সত্ত্বা বস্তু প্রস্ফুটিত হয়। তেতিয়া মানৱ অন্তৰে নিজৰ দেহতে জগত দেখে আৰু জগততে নিজৰ দেহ দেখে। তেতিয়া মানৱ দেৱতাই কব ধৰে “ময়ে তেওঁ, তেৱেঁই মই” “I am in Him and He is in me."

.