পৃষ্ঠা:মানৱ জ্যোতি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
১৪

চলিব ধৰে। এই ক্ৰিয়া-প্ৰক্ৰিয়াৰ গুণত ক্ৰোধী- জনৰ ক্ৰোধ সাম্য হয় আৰু শান্ত জনৰ কিছু পৰিবৰ্ত্তন হয়। ক্ৰোধৰ ৰঙা ৰঙত বগাৰ অলপ চাত পৰে আৰু শান্তিৰ বগা ৰঙত ৰঙচুৱাৰ আভাস পৰে। শান্ত লোক জনৰ জ্যোতি প্ৰৱল হলে খঙী মানুহ জনৰ খঙৰ প্ৰকোপ নিস্তেজ হৈ আহে। আকৌ খঙী মানুহ জনৰ জ্যোতি প্ৰৱল হলে শান্ত লোক জনৰ শান্ত ভাৱ অলপ কমে।এই দৰে প্ৰত্যেক জ্যোতিয়ে পৰস্পৰ আকৰ্ষণ আৰু বিকৰ্ষণ কৰিব ধৰে।

 গৃহস্থাশ্ৰমৰ নায়ক-নায়িকা পতি আৰু পত্নী। এই নায়ক-নায়িকাৰ প্ৰবৃত্তি প্ৰকৃতি, স্বভাৱ চলন ফুৰণ আৰু মনৰ ভাৱ আদিৰ ওপৰত সাংসাৰিক জীৱনৰ সকলো ফলাফল নিৰ্ভৰ কৰে। পিতৃ-মাতৃ যদি ধীৰ আৰু শান্ত স্বভাৱৰ হয় সন্তান-সন্ততিও ধীৰ আৰু শান্ত হোৱাৰ সম্ভৱ। আকৌ তেওঁ- লোকৰ স্বভাৱ যদি ক্ৰোধী হয় তেন্তে সন্তান-