পৃষ্ঠা:মানৱ জ্যোতি.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
২৯

চৰিতাৰ্থ কৰিবলৈ সুযােগ পায়। আৰু লগতে জ্যোতিৰ পৰিচয় লাভ কৰি পৰম তৃপ্তিলাভ কৰিবৰ সমর্থ হয়। নিজৰ নিজত্ব, পৰিচয় হােৱাই সাহিত্যৰ পৰিচয়, আৰু সাহিত্যৰ পৰিচয়ে হৈছে জ্যোতিৰ পৰিচয়। এনে পৰিচয় কৰিব পৰা শক্তি মানৱ অন্তৰত নিহিত আছে। এই শক্তি আত্মশক্তি। আত্ম-শক্তি সাধনাৰ দ্বাৰা জাগৰণ কৰি সাহিত্য আৰু জ্যোতিৰ তত্ত্বলাভ কৰাই মানৱৰ মানৱত্ব, মনুষ্যত্ব আৰু পুৰুষত্ব।

৮। জ্যোতি আৰু মায়া।

 মনৰ ভ্ৰমেই মায়া। অসত্যক সত্য বুলি ধাৰণা কৰাই মায়া। মায়াই সত্য বস্তুক সত্যভাৱে প্ৰকাশ হােৱাত বাধা দিয়ে। মায়াৰ বন্ধনত পৰি জ্যোতিও প্রকাশ হােৱাত প্রতিবন্ধক পায়। এই প্রতিবন্ধকত পৰি