পৃষ্ঠা:মানৱ জ্যোতি.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
২০

ভেদাভেদ জ্ঞান একো নাথাকে। এনেকুৱা শক্তি লাভ কৰিলে খাদ্যাখাদ্য আদিতো বিচাৰ নকৰি সমভাৱ দেখুৱাক পৰা যায়। কিন্তু শক্তি সঞ্চাৰণ নৌহওঁতেই অভেদ জ্ঞান কৰা বিপদজনক। “হৰে” বিষ হজম কৰিব পাৰিছিল গতিকে সকলােৱে বিষ হজম কৰিব পাৰে।” এনে কথা কেতিয়াও হব নােৱাৰে। শিৱৰ নিচিনা আত্ম- জ্যোতি প্ৰৱল কৰিব পাৰিলে ভােজন-বিচাৰ নকৰিলেও একো কথা নাই। কিন্তু ক্ষমতাহীন হৈ শিৱক অনুকৰণ কৰিবলৈ গলে পদে পদে বিপদ। এনেকুৱা বিপদত নপৰিবলৈ নপৰিবলৈ ধ্যান- ধাৰণা আৰু নিষ্কাম ভাৱে জ্যোতিৰ চৰ্চ্চা গবেষণা আৰু অনুশীলন কৰা আবশ্যক। হাতত কাম, মুখত নাম আৰু হৃদয়ত বিশ্বনিয়ন্তাৰ আনন্দৰূপ ধাৰণ কৰি জ্যোতিৰ অনুশীলন কৰিলে দৈহিক মানসিক আৰু নৈতিক শক্তি বাঢ়ে। নৈতিক শক্তিৰ বলত হিতাহিত বিবেচনা প্ৰৱল হয়।