পৃষ্ঠা:মানৱ জ্যোতি.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি

তেতিয়া নিজৰ স্বাৰ্থ জগতৰ লগত একে বুলি অনুভুতি কৰে। “আত্মবৎ সৰ্ব্বভূতেষু” বা “যত্ৰ জীৱ তত্ৰ শিৱ” এই ভাৱত ভাৱাপন্ন হৈ সকলোতে সমদৃষ্টি আৰু সমজ্ঞান লাভ কৰে। অৱশেষত অন্তৰত বিশ্ব আনন্দ অনুভূতি, কৰ্ম্মত জগতৰ মঙ্গল কামনা, হৃদয়ত স্বাৰ্থত্যাগ আৰু সমদৃষ্টি ভাৱ প্ৰৱল হয় আৰু সকলোতে সুখশান্তি বিৰাজ কৰা দেখে। জগতময় শান্তি বিস্তাৰৰ উপলব্ধি হলেই মানৱ অন্তৰত বিমল জ্যোতিৰ আভাস পোৱা যায়।

২। জ্যোতিৰ স্বৰূপ।

 মানৱ অন্তৰত জ্যোতিৰ আভাস স্ফুৰণ হলে বিশ্বময় সকলোতে এটি জ্যোতিৰ প্ৰৱল আভা দৰ্শন কৰে। এই জ্যোতিৰ আভা সকলো পদাৰ্থ আৰু প্ৰাণীতে বিৰাজ কৰি আছে। হীৰা এখন আন্ধাৰত ধৰিলে পোহৰ ওলায়। ফুল