পৃষ্ঠা:মানৱ জ্যোতি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
১৮

আৰু সমানাধিকাৰিত্ব প্রতিষ্ঠা কৰিবপৰাই বৰ্ত্তমান যুগৰ প্ৰৱল স্রোত। জগতত সাম্যবাদৰ প্রৱল স্রোতপ্রবাহ বোৱাব পৰাটো অতি আনন্দৰ কথা। কিন্তু এই সাম্যবাদৰ ভাৱ বাহ্যিক নহয়; ই আন্তৰিক। বাহিৰত একে লগে খােৱা-লােৱা, উঠা-বহা, আৰু মিলা আদিত সাম্য ভাৱৰ কৃষ্টি নোলায়৷ কিয়নাে এইবােৰ প্রাকৃতিক গুণ। আহাৰ, নিদ্ৰা, মৈথুন আৰু ভয় এইকেইটিপ্রাণী- মাত্ৰৰে স্বাভাৱিক গুণ। এনেকুৱা গুণত সমতা দেখুৱালে মনুষ্যত্ব প্রকাশ নহয়। অন্তৰত হিংসা, দ্বেষ, খেদ, পৰনিন্দা, পৰশ্ৰীকাতৰতা, সৰু ডাঙৰ ভাৱ, কুকথা, কুচিন্তা, সকলো অসৎ প্রবৃত্তি ত্যাগ কৰি অন্তৰৰে সৈতে সকলােকে সমান ভাবি আলিঙ্গন কৰিবলৈ সমর্থ হলে হে সাম্য ভাৱৰ কৃষ্টি ফুটি ওলায়। মনত হিংসা বা শক্ৰভাৱ ৰাখি একেখন পাতত দুজনে ভােজন কৰিলে সাম্যভাৱ নহয়। বৰং সদ্ভাৱ থাকিলে নাখালেও দুজনৰ