পৃষ্ঠা:মানৱ জ্যোতি.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
২২

নহয়। জীৱ মাত্ৰতেই আত্ম-ৰূপে জ্যোতি বিৰাজ কৰিছে। জীৱৰ শক্তি অনুসৰি জ্যোতি প্ৰতিফলিত হয়। সূৰ্য্যৰ ৰশ্মি যেনেকৈ মাটি বা কাঠতলৈ কাচৰ পাত্ৰত বেচি প্ৰতিফলিত হয় তেনেকৈ নিৰ্ম্মক পৱিত্ৰ আৰু শুদ্ধ অন্তৰৰ জীৱত জ্যোতি বেচিকৈ প্ৰতিফলিত হয়। জ্যোতি প্ৰতিফলিত কৰাৰ কষটি পাথৰ (touch stone) হৈছে আত্মা। আত্মা কষটি পাথৰত ঘৰ্ষণ কৰিব পাৰিলে জীৱ উজ্জ্বল হৈ পৰে। অগ্নিৰ সংস্পৰ্শত জড় পদাৰ্থ জ্বলি উঠাৰ দৰে আত্মাৰ সংস্পৰ্শত জীব উজ্জ্বলিত হৈ উঠে। আত্মৰূপী জ্যোতিৰ্ম্ময় চৈতন্যত মানৱ- জীৱনৰ সংশ্ৰব কৰাব পাৰিলেই জ্যোতি প্ৰকাশ হয়। মানৱ দেহ কেৱল জড় পদাৰ্থ নহয়। শৰীৰ মন আৰু আত্মা এই তিনিটিৰ সমষ্টিয়েই মানৱ দেহ। ইয়াৰ ভিতৰত আত্মাক প্ৰকৃত সত্ত্বা (Ego or real self) বুলি কোৱা হয়। এই আত্মা কোনো পৰিবেষ্টনৰ ভিতৰত না থাকে।