পৃষ্ঠা:মানৱ জ্যোতি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
১৫

সন্ততিও ক্রোধী স্বভাৱৰ হােৱা সম্ভব। মুঠৰ ওপৰত পিতৃ-মাতৃৰ স্বভাৱে সন্তান-সন্ততিৰ ওপৰত প্ৰভাৱ নেদেখুৱাই নাথাকে। পিতৃ-মাতৃৰ জ্যোতিয়ে কেৱল সন্তান আদিৰ ওপৰত হে প্ৰভাৱ দেখুৱায় এনে নহয় ; তেওঁলােকৰ সম্পৰ্কত থকা, উঠা-বহা, খােৱা-মেলা, চলা-ফুৰা সকলাে মানুহৰ ওপৰতে প্ৰভাৱ দেখুৱায়। গতিকে অজ্ঞাতভাৱে জ্যোতিৰ প্ৰভাৱে মানৱ সমাজৰ উপকাৰ আৰু অপকাৰ উভয়কে কৰে। প্রত্যেক মানুহ মাত্রেই, প্রত্যেক গৃহস্থই, সমাজৰ কাৰ্য্য-কলাপত নিজ নিজ জ্যোতিৰ প্ৰভাৱ বিস্তাৰ কৰে। আকৌ প্রত্যেক সমাজে নিজ নিজ জ্যোতিৰ প্ৰভাৱ জগতময় বিস্তাৰ কৰে। সৎ জ্যোতিৰ প্ৰভাৱে জগত সৎ কৰি তােলে আৰু অসৎ জ্যোতিৰ প্ৰভাৱে জগত অসৎ কৰি তােলে। জগতৰ মঙ্গল কামনা কৰাই হৈছে শ্ৰেয় আৰু প্রেয়। সেই কাৰণে সৎ জ্যোতিৰ প্রভাৱেৰে অসৎ জ্যোতিৰ প্ৰভাৱ আৰু প্রকোপ