পৃষ্ঠা:মানৱ জ্যোতি.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
৩৩

এনেকুৱা সমভাৱ হলে জীৱ মুক্ত হয়। মুক্ত জীৱৰ জ্যোতি পূর্ণবিকাশ হয়। জ্যোতি পূর্ণবিকাশত মানৱ অন্তৰ আনন্দময় হয়। আনন্দৰ উজ্জ্বল প্রভাত মায়াৰ অভিসন্ধি মৰীচিকা সকলো লােপ পায়। মায়া লােপ হলে মানৱৰ মানৱত্ব বিকাশ হয়। মানৱত্ব বিকাশেই জ্যোতিৰ সৌন্দৰ্য্য।

৯। জ্যোতিৰ অনুশীলন।

 মানৱ জ্যোতি শুদ্ধ, সৎ আৰু পৱিত্ৰ। এই শুদ্ধ সৎ পবিত্র জ্যোতি মানৱ দেহ আশ্রয় কৰি বিকাশ হােৱাৰ কাৰণে ৰূপ আৰু গুণত পৃথক পৃথক হৈ পৰে। মনােবৃত্তি, প্রবৃত্তি আৰু মনােময় ৰাজ্যৰ কাৰ্য্য়-কলাপত জ্যোতিৰ সৌন্দৰ্য্য নিৰ্ভৰ কৰে। অনুশীলন আৰু অভ্যাসৰ দ্বাৰা মনােবৃত্তি শুদ্ধ আৰু সৎ কৰি তােলাই জ্যোতিৰ অনুশীলন। শাৰীৰিক,