পৃষ্ঠা:মানৱ জ্যোতি.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
৩৮


কৰি তুলিব। এনে বিমল ও আনন্দত আত্ম পৰিচয় পাই জগতময় আনন্দ অনুভৱ কৰিবলৈ সমর্থ হােৱা যায়। এই মহা আনন্দ উপলব্ধি কৰাই মানৱৰ মানৱত্ব। এই মহা উদ্দেশ্য সাধনৰ একমাত্র উপায় হৈছে -শুদ্ধ সৎ নির্ম্মল জ্যোতিৰ অনুশীলন। এই অনুশীলনৰ গুণত মানৱত্ব স্ফূৰণ হৈ বিমল, শান্তি উপভােগ কৰিবলৈ সমৰ্থ হােৱা যায়। সুখ আৰু শান্তি লাভ কৰাই প্রাণী মাত্ৰৰে উদ্দেশ্য। বিশ্ব নিয়ন্তাই যেন আত্মজ্যোতি বিকাশ কৰি সকলো মানৱ অন্তৰ সুখ, শান্তি আৰু আনন্দপূর্ণ কৰি তােলে এয়ে তেখেতৰ ওচৰত সৰল প্রার্থনা।