পৃষ্ঠা:মানৱ জ্যোতি.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
২৫

প্রকাশ হয়। এই মনােবৃত্তি প্রকাশেই জ্যোতিৰ প্রকাশ। অকল জ্যোতিৰ প্ৰকাশ নহয় সাহিত্যৰো বিকাশ । এক আত্মত নিহিত মনােবৃত্তিৰ অনুশীলনত জ্যোতি আৰু সাহিত্যৰ স্ফুৰণ। গতিকে সাহিত্যত মানৱ জ্যোতিৰ প্রভাৱ লিপ্ত নাথাকি নােৱাৰে।

 জ্যোতিৰ প্ৰভাৱে কেনেকৈ জগতৰ কল্যাণ সাধন কৰে সাহিত্যয়ো জগতৰ তেনেকৈ কল্যাণ সাধন কৰে। জ্যোতিৰ উৎকৃষ্ট আৰু অপকৃষ্ট অনুসাৰে জগতৰ যেনেকৈ মঙ্গল আৰু অমঙ্গল হয় তেনেকৈ সাহিত্যৰ সৎ আৰু অসৎ ভাৱ আৰু চিন্তা অনুসৰি সমাজৰ উন্নতি আৰু অৱনতি হয়। গতিকে সৎচিন্তাৰ সাহিত্যৰ প্ৰভাৱেৰে জগতত মঙ্গল বিস্তাৰ কৰা সাহিত্যৰ এটি ধৰ্ম্ম। মানৱ জ্যোতিয়ে যেনেকৈ অন্তৰত বিমল আনন্দ আৰু সুখ সঞ্চাৰণ কৰে তেনেকৈ সাহিত্যয়ো মানৱ অন্তৰত বিমল আনন্দ আৰু সুখ-শান্তি জন্মায়।