পৃষ্ঠা:মানৱ জ্যোতি.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
১৩

আশ্ৰয় কৰি বিকাশ হয়। এই বিকাশেই আত্ম- বিকাশ আৰু আত্মবিকাশেই মানৱ জ্যোতি। এই মানৱ জ্যোতি, শুদ্ধ, সৎ, স্বপ্ৰকাশ, সদায় পূৰ্ণ আৰু সচ্চিদানন্দ স্বৰূপ বুলি শাস্ত্ৰত ঘোষণা কৰিছে।


৩। জ্যোতিৰ প্ৰভাৱ।

 মানৱ প্ৰবৃত্তি অনুসাৰে জ্যোতিৰ ৰং আৰু গুণ পৃথক পৃথক হয়। জ্যোতিৰ গুণাগুণ অনুসাৰে সকলোৰে ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। দুজন মানুহৰ দেখা দেখি হলে দেহে দেহে মিল নহব পাৰে কিন্তু প্ৰত্যেকৰ জ্যোতিয়ে প্ৰত্যেকৰ ওপৰত ক্ৰিয়া-প্ৰক্ৰিয়া কৰা অৱশ্যম্ভাবী। উভয়ৰ জ্যোতিয়ে উভয়ৰ ওপৰত প্ৰভাৱ নেদেখুৱাই নাথাকে। শান্ত আৰু ক্ৰোধান্বিত দুজন লোকৰ সাক্ষাৎ হলে উভয়ৰে জ্যোতিৰ ক্ৰিয়া-প্ৰক্ৰিয়া