পৃষ্ঠা:মানৱ জ্যোতি.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মানৱ জ্যোতি
২৭

কামনাত স্নেহ প্ৰেম আৰু ভক্তিৰ উদ্রেক হয়। এনেকুৱা পৱিত্ৰ উদ্রেকত সাহিত্যৰ সুৰ জগতৰ সুৰৰ লগত মিলন হবলৈ প্ৰয়াস কৰে। এই প্রয়াসতেই সাহিত্যই মানৱ সমাজত বিশ্বময় আনন্দৰ পৰিচয় কৰিবলৈ সমর্থ হয়। বিশ্ব আনন্দৰ পৰিচয় কৰি দিয়াই হৈছে সাহিত্যৰ সৌন্দৰ্য্য। এই সৌন্দৰ্য্যই হৈছে জ্যোতিৰাে সৌন্দৰ্য। গতিকে জ্যোতি আৰু সাহিত্য একে বস্তুৰে ইপিঠি আৰু সিপিঠি।

 এক মূল বস্তুৰ অনুভূতিতে জ্যোতি আৰু সাহিত্যৰ ভেটি প্রতিষ্ঠিত। জ্যোতি পূৰ্ণভাৱে বিকশিত হলে নানানৰূপে প্রস্ফুটিত হবলৈ প্রয়াস কৰে। জ্যোতিৰ স্মৰণ সর্ব্বসাধাৰণে জাগতিক কার্য্যকলাপ আৰু সাহিত্যৰ মাজেৰে বিকাশ হােৱা দেখে। জ্যোতি প্ৰকাশৰ এটি প্রধান আশ্রয় হৈছে সাহিত্য। জ্যোতিৰ প্ৰভাৱত সাহিত্য স্তৰে স্তৰে উন্নত হৈ