পৃষ্ঠা:মানৱ জ্যোতি.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মানৱ জ্যোতি


১। জ্যোতিৰ আভাস।

 বিশ্বজগত প্ৰকৃতিৰ লীলাভূমি। প্ৰকৃতিৰ লীলা সৌন্দৰ্য্যময়। সৌন্দৰ্য্যৰ মাজত অনন্ত ৰূপৰ বিকাশ। বিকাশ চিত্ৰবিচিত্ৰ। চিত্ৰ-বিচিত্ৰতাই জগতৰ বিশেষত্ব। এই বিশেষত্ব সৰ্ব্বব্যাপী। সৰ্ব্বব্যাপী বিশেষত্বই বিশ্ব জগতৰ সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জগত পৰিবেষ্টন কৰি আছে। এই পৰিবেষ্টনৰ ভিতৰত প্ৰকৃতিৰ সৌন্দৰ্য্য পৰিস্ফুৰণ আৰু পৰিস্ফুটিত হৈছে।

 প্ৰকৃতিৰ সকলোৱে বিকাশ হবলৈ প্ৰয়াস কৰাত জগতময় সৌন্দৰ্য্যৰ পৃথক পৃথক ৰূপ প্ৰকাশ হৈছে। প্ৰকৃতিৰ লীলাভূমি বৈষম্য হৈ পৰিছে। কি জড় জগত, কি উদ্ভিদ জগত, কি