মহীৰাৱণ বধ আৰু বেতাল-চণ্ডী উপাখ্যান

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ বেটুপাত ]
মহীৰাৱণ বধ (page 1 crop).jpg

ৰামায়ণৰ লঙ্কাকাণ্ডৰ অন্তৰ্গত
মহীৰাৱণ বধ।
আৰু
বেতালচণ্ডী-উপাখ্যান।

শ্ৰীশিৱনাথ শৰ্ম্মা ভট্টাচাৰ্য্য দ্বাৰা
প্ৰকাশিত।

ৰিহাবাৰী,—ডিব্ৰুগৰ।

তৃতীয় তাঙৰণ।

কলিকাতা
৬১ নং মৃজাপুর ষ্ট্ৰীট,
বণিক যন্ত্ৰে
সেন এণ্ড কোম্পানীৰ দ্বাৰা মুদ্ৰিত।

১৯০৮ চন।

বেচ এসিকি মাথোন।

[  ]

ৰামায় ৰামচন্দ্ৰায় ৰামভদ্ৰায় বেধসে।
ৰঘূনাথায় নাথায় সীতায়া প্ৰতয়ে নমঃ॥

মহীৰাৱণ বধ।

পদ।

জয় জগ জীৱ ৰঘুনাথ দয়াময়।
তযু নাম স্মৰণে পাতক হয় ক্ষয়॥
শুনিয়োক সভাসদ ৰামায়ণ পদ।
ইহাঙ্ক শুনিলে নৰে এৰায় আপদ॥১॥
মৈৰাৱণ বধ ইতো কথা মধ্যে সাৰ।
আক শুনি তৰা সুখে দুৰ্ঘোৰ সংসাৰ॥
এহিমতে বিষাদিত আছে লঙ্কেশ্বৰ।
কোনে কৰিবেক মোক আপদে উদ্ধাৰ॥২॥
সবংশে মৰিলোঁ মই ৰাঘৱৰ হাতে।
কোনেনো ৰাখিবে মোক দুৰ্ঘোৰ সঙ্কটে॥
ভাবিয়া চিন্তিয়া পাচে পাইলন্ত মনত।
মহিনামে পুত্ৰ মোৰ আছে পাতালত॥৩॥

[  ]

বেতাল চণ্ডিক পূজা কৰে অহৰ্ণিশে।
স্মৰণ কৰিলে আসিবেক মোৰ পাশে॥
মনে চিন্তা কৰে পাচে পুত্ৰ মৈৰাৱণ।
এবাৰ আপদে মোক হেৰা! কৰা ত্ৰাণ॥ ৪॥
মৈৰাৱণ ৰাক্ষসৰ স্পন্দয় শৰীৰ।
জানিলা পিতৃ সে মোক কৰন্ত বিচাৰ॥
কিবা দুৰ্ঘটনা আবে হৈয়াছে লঙ্কাত।
অৱশ্য যাইবে লাগে পিতাৰ সাক্ষাত॥৫॥
মায়াবী ৰাক্ষস অতি মায়াৰ সাগৰ।
নিমিষেকে পাইল গৈয়া পিতৃৰ নগৰ॥
দেখিলেক পিতৃ অতি বিষাদিত মন।
প্ৰণাম কৰিয়া কথা শোধে মৈৰাৱণ॥ ৬॥
এত মান শোক কৰা কিসৰ কাৰণ।
কোন কাৰ্য্য সাধি দিবোঁ কহা এতিক্ষণ।
ৰাৱণ বদতি কথা শুনা মৈৰাৱণ।
নৰ বানৰৰ হাতে সংশয় জীবন॥ ৭॥
পূৰ্ব্বৰ কাহিনী মানে যতেক কহিলা।
শুনি মৈৰাৱণে পাচে বচন বুলিলা॥
মনুষ্যক লাগি এত চিন্তা কৰা কেন।
একেশ্বৰে সসাগৰা জিনিলা ৰাজন॥ ৮॥
তপসি দোভাইক লাগি কেনে কৰা ভয়।
উপায় কৰিয়া তাক বধিবোহোঁ ময়॥
নিদ্ৰাবাণে সবাকে কৰিবো অচেতন।
নাগপাশ মাৰি দুইকো কৰিবো বন্ধন॥ ৯॥

[  ]

পাতালক লাগি দুইকো হৰি লৈয়া যাইবো।
বেতাল চণ্ডীৰ আগে বলী নিয়া দিবো॥
এতেক কহিল যদি দুষ্ট নিশাচৰ।
ধন্য বুলি প্ৰশংসা কৰিলা লঙ্কেশ্বৰ॥ ১০।
ৰাৱণৰ কথা যত এহি মানে থওঁ।
সুবেলত যিকৰিলে তাৰ কথা কওঁ॥
সভা কৰি বসি আছে ৰাম যে লক্ষ্মণ।
বিভীষণ, নল, নীল, আৰু জাম্বুবান॥ ১১
সুগ্ৰীব প্ৰমুক্ষে যত আছে কপীগণ।
ৰাৱণ নিধনে সবে কৰে আলোচন॥
গণনাত জাম্বুবানে বুঝিলে সকল।
ৰাম লক্ষ্মণক আজি নিবে ৰসাতল॥ ১২
সবাকো কহয় জাম্বুবান মহাবীৰ।
পাতালক হন্তে আসি আছে মহীবীৰ॥
হনুমান লঙ্কাক যাওক এতিক্ষণ।
বুঝিয়া আসোক কিবা কৰে আলোচন॥১৩।
হেন শুনি হনুমান কাক ৰূপ ধৰি।
লঙ্কাত প্ৰবিষ্ট ভৈলা অতি শীঘ্ৰ কৰি॥
সবৃতান্ত বুজি হনু আসিলা ত্বৰিত।
কহিবে লাগিলা কথা অতি বিপৰীত॥ ১৪॥
নিদ্ৰা বানে সবাকো কৰিয়া অচেতন।
পাতাল পুৰক নিবে কৰয় যতন॥
উপায় চিন্তিয়ো আবে সেনা সমুদায়।
কোন মতে দুষ্টে লঙ্ঘিবাক নপাৰয়॥ ১৫॥

[  ]

শুনিয়া ব্যাকুল ভৈলা বিভীষণ ৰায়।
কিবা বুদ্ধি কৰো আবে কি কৰো উপায়।
ষাঠী লক্ষ ৰাজা কোটি লক্ষ প্ৰজাগণ।
ব্যাকুলিত হৈয়া সবে কৰন্ত ক্ৰন্দন॥ ১৬॥
সিবেলাত ক্ৰন্দন উঠিল বহুতৰ।
কোলাহল ভৈল সিতো সুবেল নগৰ॥
বেলা অৱশেষ ভৈলা ৰজনী আসিলা।
বিষাদ ত্যজিয়া সবে যুক্তি আলোচিলা॥১৭।
চতুৰ্দ্দিশে বেঢ়িয়া ৰৈলেক কপীগণ।
দ্বাৰত নিৰ্ভয়ে ৰহিলন্ত হনুমান॥
ৰাম পাৱে বিভীষণ শৰণ পশিলা।
চতুৰ্দ্দিকে দুই ভাইক আবৰি ধৰিলা॥১৮॥
সুবেল গিৰীত ৰাম ৰৈলা বিদ্যমান।
পালি প্ৰহৰীয়া থাপিলন্ত থানে থান॥
সুগ্ৰীৱ অঙ্গদ হনুমন্ত বীৰ বৰ।
বিভীষণ নল নীল জাম্বৱন্ত বীৰ॥১৯॥
নিয়োজিলা পালী প্ৰহৰীয়া ঠাই ঠাই।
দুৰ্ব্বাৰ ৰাক্ষস মায়া বুজন নযাাই॥
মৈৰৱণ নামে দুই ৰাৱণ তনয়।
পাতাল পুৰীত যেবে থাকে দুৰাশয়॥২০॥
সেতু বান্ধি সাগৰে সসৈন্যে ভৈলা পাৰ।
শ্ৰীৰাম লক্ষ্মণ দশৰথৰ কুমাৰ॥
পায়া মহা বিস্ময়ক ভৈলা উপসন্ন।
ৰামৰ ছিদ্ৰক চাই কৰয় যতন॥ ২১॥

[  ]

একোৱে ছিদ্ৰক নপাৰয় দুৰাচাৰ।
পাচে নিদ্ৰা যাইবাক কৰিলন্ত সাৰ॥
নিদ্ৰা বাণে সবাকে কৰিল অচেতন।
সিবেলাত জগি নাথাকিল একোজন॥ ২১॥
দুতয় প্ৰহৰ গৈল শেষ নিশা ভৈল।
ৰাম লক্ষণক বীৰে বন্দি কৰি থৈলা॥
নাগ পাশে বান্ধি লৈয়া গৈলা নিজ ঘৰে।
শুনিয়োক কথা যেন ভৈল আত পৰে॥ ২৩॥
অনন্তৰে ভৈল আসি ৰজনী প্ৰসন্ন।
চেতন লভিল সবে পাত্ৰ মন্ত্ৰীগণ॥
সবেয়ো আছন্ত নাহি ৰাম যে লক্ষ্মণ।
হেন দেখি সবাৰো ব্যাকুল ভৈলামন॥ ২৪॥
সবেও বোলন্ত কিনো ভৈল বিপৰীত।
নাহিকন্ত দুয়ো ভাই কহিক গৈলন্ত॥
হা! ৰাম ৰাম বুলি সবেও কান্দন্ত।
কমনে হৰাইলা প্ৰভু কৈক বা গৈলন্ত॥ ২৫॥
ষাঠী লক্ষ ৰাজা কোটী লক্ষ প্ৰজাগণ।
সবাকে তেজিয়া প্ৰভু গৈলা কোনথান
দণ্ড ছত্ৰ ধৰিয়াছোঁ সেবি সৰ্ব্বক্ষণে।
কৈতনো লুকাই প্ৰভু আছাহা আপুনে॥ ২৬ p
সুগ্ৰীৱ নৃপতি কান্দে মহা শোকে পৰি।
ৰামৰ বৰ্ণায়া গুণ সুমৰি সুমৰি॥
আপুনি সৰ্বজ্ঞ তুমি জগত ঈশ্বৰ।
আপোনাৰ কাৰ্য্যে কেনে ভৈলা অথন্তৰ॥ ২৭

[  ]

তুমিসে আয়ত্তা প্ৰভু কৰি অল্পকালে।
ৰাজ্য ভাৰ্য্যা দিলা বালী বধি অবিকলে॥
মোৰ শ্ৰেষ্ঠ ভ্ৰাতৃ বালী মহাবীৰ বৰে।
ৰাৱণক ধৰিয়া লৈলক কাখতলে।৷ ২৮।৷
দুই দণ্ড ভিতৰত সাতো যে সাগৰে।
স্নান কৰি ফুৰাইলন্ত অতি খৰোত্তৰে।৷
হেন মহা বলৱন্ত বীৰ বালী ৰাই।
তষু আগে ভৈল সিতো পতঙ্গ পরাই।৷ ২৯।৷
দুৰ্ঘোৰ কৰ্ম্মক প্ৰভু কৰা অপ্ৰয়াস।
আপোনাৰ কাৰ্য্যে প্ৰভূ ভৈলাহা নৈৰাশ।৷
বিভীষণ কান্দে আতি মহা দুখ শোকে।
কালি মাত্ৰ লঙ্কা কাৰ্য্য পঠাইলা আমাকে॥ ৩॥
ৰাক্ষসৰ মায়ায়ে কৰিলে অন্তৰ্হিত।
কোন কৰ্ম্ম কৰো আবে উতপাত চিত্ত।!
হনুমন্ত আদি কৰি যত বীৰবৰ।
ৰামৰ জিজ্ঞাসা সবে কৰিয়ো সত্বৰ॥ ৩১।৷
সব ৰাজা গণে বোলে বায়ুৰ কুমাৰ।
স্বৰ্গ মৰ্ত্য পাতাল তোমাৰ অগোচৰ।৷
রাম লক্ষ্মণক হৰি নিলে কোন জন।
সবাকো নিগ্ৰহি আনিয়োক এহিথান॥ ৩২॥
হেনশুনি হনুমন্তে মনত বিষাদ।
মকমকি ক্ৰন্দন কৰন্ত কপীৰাজ।৷
কৈকলাগি গৈল প্ৰভু ৰাম যে লক্ষণ।
তোমাক নেদেখি প্ৰভু নৰহে জীৱন॥৩৩।৷

[  ]

এহি বুলি হনুমন্তে গুণে মনে মনে।
জল বায়ূ অগ্নিত ৰামৰ অপতন॥
ডাহিন চক্ষু ডাহিন ভূজ ফন্দি গৈল।
মৎস্য ৰঙ্গা পক্ষী এক দৰশন পাইল॥ ৩৪॥
এহি বুলি হনুমন্তে গৈলা ধীৰে ধীৰে।
কতোক্ষণে পাইলা যাই সাগৰৰ তাৰে॥
মৎস্য ৰঙ্গা পক্ষীৰ চাপিল সন্নিহিত।
বুলিবে লাগিলা বীৰে বচন উচিত॥ ৩৫॥
হনুমানে বোলে শুনা পক্ষী সূচৰিত।
ৰামৰ কাহিনী তুমি জানাহা বহুত॥
তুমি যদি পাৰাহা ৰামৰ বাৰ্ত্তাদিত।
আমিও তোমাৰ তেবে চিন্তিবোহোঁ হিত॥ ৩৬॥
হেন শুনি জল চৰ পক্ষী বোলে বাণী।
তিনিয়ো যুগৰ কথা জানোহো আপুনি॥
যেন দেখিলোহোঁ আমি কহিবো তেনয়।
মধ্য নিশাভাগে আছো অধো মুখ হুই॥ ৩৭॥
মৈৰাৱণে ৰাম লক্ষ্মণক লৈয়া যাই।
বাপ হনুমন্ত তুমি নকৰা সংশয়॥
হৰিয়া নিলেক দুষ্টে পাতাল পুৰক।
সমস্তে বৃতান্ত কথা কহিলো তোমাত॥ ৩৮॥
হনুমম্ভে বোলে আবে কৰো কোন বুদ্ধি।
কেনমতে পাতাল পুৰক কৰো শুধি॥
পুনৰপি বোলে হনুমন্ত মহা কায়।
শুনিয়োক জলচৰ পক্ষী সমুদায়॥৩৯॥

[  ]

মোক যেবে নিবে পাৰা পাতাল পুৰক।
অৱশ্যেকে উপকাৰ কৰিবো তোমাক।৷
সত্বৰে নিয়োক মোক পাতাল পুৰক।
উধাৰো ৰামক মই মাৰি পাপীষ্টক॥৪০॥
বিলম্ব নকৰা তুমি পক্ষী সুচৰিত্ৰ।
ঈশ্বৰে পূৰিবে তোৰ মনৰ বাঞ্চিত॥
মৎস্য ৰঙ্গা বোলে হনুমন্ত মহাবীৰ।
তিনি প্ৰহৰৰ পথ দেখোহো শৰীৰ॥৪১॥
পাতাল পুৰক মই নিবাক নপাৰোঁ।
আচোক নিবাক মই গাৱ দেখি মৰোঁ॥
হেন শুনি হনুমন্তে কৰিলন্ত মায়া।
মক্ষিকা স্বরূপ ভৈলা হ্ৰস্ব কৰি কায়া॥ ৪২।৷
দেখি মৎস্য ৰঙ্গাৰ হাৰষ ভৈলা মন।
আপোনাৰ কাখতলে লৈলা তেতিক্ষণ।৷
এক বুৰে পাইলা গৈয়া পাতাল পুৰক।
বোলে হনুমন্ত তুমি যায়ো নগৰক॥ ৪৩॥
পক্ষীৰ বচন হনুমন্তে শুনিলন্ত।
চাৰিও দিশক চক্ষু মেলি চাহিলন্ত॥
মৎস্য রঙ্গা বোলে প্ৰভু যাওঁ নিজথানে।
তোমাৰ প্ৰসাদে প্ৰভু ৰাখো নিজপ্ৰাণে॥৪৪॥
দিয়োক মেলানি মই শীঘ্ৰে বেগে যাওঁ।
তোমাৰ প্ৰসাদে পুঠি চণ্ডামাছ খাওঁ।৷
হেন শুনি হনুমানে গুণে মনে মনে।
ইহাক পঠাওঁ যদি মোক নিবে কোনে॥৪৫।৷

[  ]

এহি বুলি হনুমন্তে আগবাঢ়ি গৈল।
পক্ষীক ধৰিয়া ঘাড় মুছৰিয়া থৈলা॥
এক খণ্ড মাটি দিলা তাহাৰ উপৰে।
বাহু দুই ভাঙ্গো যেবে ইটো পক্ষীমৰে॥৪৬॥
স্ত্ৰীৰ সঙ্গত যাৰ ভৈল আশকতি।
তাৰ জানা নুহিবেক কমন বিপত্তি॥
হেন জানি বুদ্ধজন হুয়ো বিৰকতি।
এহি হেতু-তেসেৰাম ত্ৰিজগত পতি॥৪৭॥
নাহি তান ভাৰ্য্যা পুত্ৰ সংযোগ বিয়োগ।
নাহি তান শোকমোহ বিষয়ৰ ভোগ॥
হেন জানি বুদ্ধজনে ছাড়ি আন মতি।
ৰাম ৰাম বুলি চলা বৈকুণ্ঠ সম্প্ৰতি॥ ৪৮॥

দুলৰি।

পাচে হনুমন্তে   গুণন্ত মনতে,
 আবে কোন ভিতি যাওঁ।
অযোধ্যা ৰঞ্জন,  ৰাম যে লক্ষণ,
 কোন থানে দেখা পাওঁ॥
হাঁ! ৰাম দেৱ,   কৌশল্যা তনয়,
 সুমিত্ৰা সুত লখাই।
অঞ্জনা নন্দনে,  তোমাকে সে মাতো
 কৈত আছা দুই ভাই॥৪৯॥

[ ১০ ]

নৱ লক্ষ ৰাজা,   ষাঠী লক্ষ পাত্ৰ,
 কোটী লক্ষ সেনাগণ।
সবাকে তেজিয়া,   আছা দুই ভাই,
 বান্ধৱ ৰাম লক্ষ্মণ॥
পাতাল পুৰক,   একোষে উদ্দেশ,
 উপায় নপালো খুজি।
মৈৰাৱণ পাপী,   কোন থানে নিল,
 কেন মতে পাওঁ বুজি॥ ৫০॥
বায়ূৰ নন্দনে,   গুণে মনে মনে,
 শোকৰ নপাইলোঁ পাৰ।
পাত্ৰ মন্ত্ৰী প্ৰজা,   সবাকো তেজিলোঁ,
 প্ৰভুক কৰিলো সাৰ॥
আবে কৈক যাওঁ,   কৈত বাৰ্ত্তা পাওঁ,
  কোনে দিব সদ বুদ্ধি।
ভালে কি আছয়,   ৰাম যে লক্ষ্মণ,
 কেন মতে পাওঁ বুজি॥ ৫১॥
জীৱন মরণ,   বাৰ্ত্তাক নপাইলোঁ,
 আছন্ত কোনবা স্থানে।
সীতাৰ নিমিত্তে,   সবে তৈল অন্ত,
 মইয়ো মৰিযাওঁ প্ৰাণে॥
অন যত কৰ্ম্ম,   সকলে কৰিলোঁ,
 ৰামৰ হিত আচৰি।
পাতাল পুৰও,   প্ৰভুক নপাই,
 সবে বুদ্ধি ভৈল চুৰি॥ ৫২॥

[ ১১ ]

পাত্ৰ মন্ত্ৰী গণ,   কৰি ৰঙ্গমন,
 সবে চিন্তি আছে মোক।
হনুমন্তে গৈয়া,   প্ৰভুক আনিব,
 আমাৰ গুছাইব শোক॥
পৱন নন্দনে,   গুণি মনে মনে,
 ক্ষণিক স্তম্ভিয়া ৰৈলা।
সন্তাপ অন্তৰে,   গৰ্ভৰ ভিতৰে,
 মনে সদা বুদ্ধি পাইলা॥ ৫৩॥
হেথ মাথ কৰি,   ধীৰে কাঢ়ে ভৰি,
 মনে মনে চলি যান্ত।
মুণ্ড তুলি চাই,   নগৰ কাষত,
 গ্ৰাম এক দেখিলন্ত॥
শুনা সভাসদ,   ৰামায়ণ পদ,
 চিত্ত কৰি উপশম।
কৈত যাই প্ৰাণ,   তাৰ নাহি থান,
 ডাকি বোলা ৰাম ৰাম॥ ৫৪॥

পদ৷

পাচে হনুমন্ত বীৰে চতুৰ্ভিতি চাই
পাতাল পুৰৰ কথা কহন নযাই॥
দিশ পাশ একোয়ে নজানি পূৰ্ব্বাপৰ৷
পশ্চিম দিশক পাচে গৈল বীৰবৰ॥

[ ১২ ]

হনুমন্তে বোলে যদি যাওঁ এহিমতে।
হুইবেক বেকত মোক চিনিব সমস্তে॥৫৫॥
ৰামকো নপাইবো মোৰ কি হৈবে বিলাই।
মনে গুণি হনুমন্তে চিন্তিল উপাই॥
পাচে হনু ভৈল বৃদ্ধ ব্ৰাহ্মণৰ বেশ।
কোটোৰা কুটুৰি আখিঁ পকি গৈল কেশ॥ ৫৬॥
হাতত লাখুটি ধৰি ধীৰে ধীৰে যান্ত।
কান্ধত খুখুৰা ছাতী গদ গদ মাত॥
ব্ৰাহ্মণৰ বেশ ধৰি ধীৰে ধীৰে যান্ত।
পাচে মালিনীৰ এক গৃহক পাইলন্ত॥৫৭॥
আগতে বসিয়া তাইক আশংসা কৰিলা।
মালিনী বোলন্ত গুৰু কিসক আসিলা॥
ব্ৰাহ্মণে বোলন্ত তোৰ মুকুতি মিলোক।
যদি আছে ফল মূল আমাক দিয়োক॥ ৫৮॥
মালিনী বোলয় গুৰু কিবস্তু লাগয়।
ৰন্ধন ভোজন বস্তু সকলে আছয়॥
বিপ্ৰে বোলে ৰন্ধনৰ নুহিকও বেলা॥
ফলাহাৰ ৰস্তু আদি দিয়ো দধিকলা॥ ৫৯॥
হেনশুনি মালিনী অনেক সাৱধানে।
দধি চিৰা দিলে অনেক ভক্তিমানে॥
বায়ূসুত হনুমন্তে ফলক ভুঞ্জন্ত।
কল খাই বাকলিকো ভোজন কৰন্ত॥৬০॥
হেন দেখি মালিনীৰ মনত বিস্ময়।
অনিয়মে কল কেনে ভোজন কৰয়॥

[ ১৩ ]

হেন শুনি হনুমানে দিলা সমিধান।
এক গোটা কল জানা অমৃত সমান॥ ৬১॥
কলা হেন বস্তুইতো দুৰ্ল্লভ আমাৰ।
সিকাৰণে নু গুছাইলোঁ বাকলি কলাৰ॥
দধি চিৰ ভুঞ্জি বীৰে মহাতুষ্ট মনে।
পুনু মালিনীত পুছে মধুৰ বচনে॥ ৬২॥
শুনিয়ো মালিনী তুমি আমাৰ বচন।
কাক লাগি মালা তুমি গান্থা এতিক্ষণ॥
মালিনী বদতি গুৰু শুনিয়ো আতাই।
বেতাল চণ্ডীব আমি ফুলক যোগাই॥ ৬৩॥
বন্দি কৰি আনি পাছে তপসী দোভাই।
ৰাম লক্ষ্মণ দুইকো ৰূপে সমনাই॥
কালি বলী দিবে তাঙ্ক ৰজনী প্ৰভাতে।
বন্দি কৰি থৈয়া আছে দক্ষিণ দ্বাৰতে॥ ৬৪॥
এহি বুলি মালিনীয়ো কৰিলা গমন।
হনুমন্তে আপুনি গুণয় মনে মন॥
কেনে কৰ্ম্ম কৰোঁ আবে কৈক লাগি যাওঁ৷
ই দুখ সাগৰ মই কিমতে এড়াওঁ॥ ৬৫॥
মনে জিজ্ঞাসিয়া বোলে ৰাম পাশে যাওঁ।
আগে তান সনে বাই প্ৰবোধ কৰাওঁ॥
এহি বুলি হনুমন্তে গমন কৰিল।
কাক ৰূপ ধৰি যাই আগতে পৰিল॥ ৬৬॥
ৰাম লক্ষ্মণ একেলগে আছে দুই।
নাগ পাশে বন্দী হুই আছে দুই ভাই॥

[ ১৪ ]

হনুমন্তে বোলে মই কোন কৰ্ম্ম কৰোঁ।
ৰাক্ষসক মাৰিয়া ৰামক নিবে পাৰোঁ॥ ৬৭॥
মৈৰাৱণ সমে লাগিবেক ঘোৰ যুদ্ধ।
নাগ পাশ মাৰি মোক কৰিবেক বদ্ধ॥
বলত কৰিয়া জানো বুদ্ধিয়েসে ছাৰ।
এক মায়া কৰোঁ আজি লোক অনাচাৰ॥ ৬৮॥
হনুমানে বোলে কৰোঁ উপায় এখন।
যেন মতে জানে মোক শ্ৰীৰাম লক্ষ্মণ॥
এহি বুলি হনুমান কাক ৰূপ ভৈলা।
উৰাৱ কৰিয়া কাক লগত পৰিল। ৬৯।
সবে কাক মাৰিয়া আধাৰ কাঢ়ি খাই।
কিছু কিছু কৰি দেহা বাঢ়ন্তে সেযাই॥
শ্ৰীৰামে বোলন্ত দেখা ভৈয়াই লক্ষ্মণ।
সাক্ষাতে দেখোহোঁ যেন পৱন নন্দন॥ ৭০॥
কপীৰ মধ্যত যেন বলে থুলন্তৰ।
কাকৰ মধ্যত দেখোঁ তেনয় আকাৰ॥
লক্ষ্মণে বোলন্ত দদা নুবুজি কাৰণ।
কোথা হন্তে আসিবন্ত পৱন নন্দন॥ ৭১॥
দক্ষিণ যে উৰু ফন্দে দক্ষিণ নয়ন।
জানা আমাসাৰ কিছু ভৈল শুভক্ষণ॥
বিপাঙ্গে পৰিলোঁ আবে হৰাইল চেতন।
ইনো বেলা হনু আসি কৰিবেক ত্ৰাণ॥ ৭২।
হৰি হৰি হনু বাপ আসা একবাৰ।
অপাৰ সাগৰে আসি কৰিয়ো উদ্ধাৰ॥

[ ১৫ ]

সৰ্ব্বকালে বাপু মোৰ তোমাতেসে আশ।
অপাৰ সাগৰ তৰি গৈলা সীতা পাশ॥ ৭৩॥
ভুঞ্জিলা কলমউ ফল লঙ্কা কৰি ছন্ন।
অক্ষয়ক বধিলা অপাৰ সেনাগণ॥
পুৰিলাহা লঙ্কা ছন্ন কৰিলা ভণ্ডাৰ।
হেলায় মাৰিলা সেনা ৰাক্ষস অপাৰ॥ ৭৪॥
অনেক শিলাক আনি বান্ধিলাহা সেতু।
বিশ্ব কৰ্ম্মা সুতে এৰে কিছু নুহি হেতু॥
অত মান পৰাক্ৰম কৰি আছা তুমি।
ই বেলি আমাক বাপু ৰাখিয়ো আপুনি॥ ৭৫॥
অবিলম্বে হুইবে হেৰা আমাৰ মৰণ।
সীতাৰ নিমিত্তে দুই ভাইৰ যাই প্ৰাণ॥
এহি বুলি সন্তাপ কৰন্ত ৰাম দেৱ।
তোত পৰে বাপু হনুমন্ত নাহি কেৱ॥ ৭৬॥
হেনয় কাৰুণ্য শুনি বীৰ হনুমান।
বিকল হৈলেক আতি নসহে পৰাণ॥
ধিক ধিক আছোক মোহোৰ বাহুবল।
স্বামীৰ কাৰ্য্যত যদি মৰোঁ তেবে ভাল॥ ৭৭॥
এহি বুলি হনুমন্তে মাক্ষীৰূপ ধৰি।
ৰামৰ উৰুত গৈয়া তেতিক্ষণে পৰি॥
উৰুত অনেক ভাৰ পায়া বল ভৈলা।
লক্ষ্মণক চাই ৰামে বচন বুলিলা॥ ৭৮॥
দক্ষিণ উৰুত মই কিছু বল পাওঁ।
আসিলেক হনুমন্ত হেন মনে লওঁ॥

[ ১৬ ]

লক্ষ্মণে বোলন্ত দদা কিসক সুমৰি।
বিধিয়ে কপালে লিখিলেক কেন কৰি॥৭৯॥
শুনি হনুমন্তে চিত্ত ধৰণ নাযাই।
ৰামৰ কৰ্ণত কথা সম্ভেদ বুঝাই॥
শুনিয়োক প্ৰভুৰাম দেৱ হৃষিকেশ।
মই হনুমন্ত আসি ভৈলোহোঁ প্ৰবেশ॥ ৮০॥
নকৰিবা কষ্টমন প্ৰভু গদাধৰ।
পাপীষ্টক অৱশ্যে পেসিবো যম ঘৰ॥
আপুনি ঈশ্বৰ হুই কেনে কৰা ভয।
আপুনি সৰ্ব্বজ্ঞ প্ৰভূ ত্যজিয়ো সংশয়॥ ৮১॥
বেতাল চণ্ডীয়ো হৱে মাৱৰ ভগিনী।
তাহাৰ পাশক মই চলোহোঁ আপুনি॥
তাহান আগত মই মাগো প্ৰথমতে।
কিঞ্চিতো সংশয় প্ৰভু নকৰা মনতে॥ ৮২॥
সুখে যেবে নেদে তেবে মাগিবো তোমাক।
তাহাৰ উচিত ফল দিবোহোঁ তাহাক॥
বচনে পাৰিলে তেবে দ্বন্দে কোন কাৰ্য্য।
আপোনাৰ কাৰ্য্য সাধি পাচে পাওঁ লাজ॥৮৩॥
ৰাম কাৰ্য্য সাধো আবে মোৰ দোষ নাই।
ক্ষণিতেক এহিথানে ৰহিয়ো গোঁসাই॥
সবে কাৰ্য্য সাধিবাক পাৰোঁ বাহুবলে।
উপায়েসে সিজে কাৰ্য্য জানিবা সকলে॥ ৮৪॥
আৰু এক বচন শুনিয়ো অনুপাম।
হুতাশে পীড়িত প্ৰভূ হুইবাহা পৰম॥

[ ১৭ ]

মৈৰাৱণ দুষ্টে যদি নিৱয় তোমাক।
আশংসিয়ো মোক বুলিবেক আপোনাক॥ ৮৫॥
নুবুলিবা পাপীষ্ঠক বচন কৈল্যাণ।
ভাল ছাৰি মন্দেশে বুলিবা বিদ্যমান॥
তযু বাক্যে হইবে তাৰ বধৰ সমান।
গোষ্টৰ সহিতে তোৰ দেশ হৌক ছন্ন॥ ৮৬॥
যদি দুষ্টে বোলে তই কৰ নমস্কাৰ।
বুলিবা সেৱন্ত মোক ব্ৰহ্মা হৰি হৰ॥
ইন্দ্ৰ চন্দ্ৰ আদি যত দশ দিগ পাল।
আমাকেসে সেৱা পূজা কৰে সৰ্ব্বকাল॥ ৮৭॥
এহি বুলি পপীষ্ঠক দিবা সমিধান।
কিঞ্চিতেকো নুবুলিবা কুশল বচন॥
নমো প্ৰভুৰাম বুলি কৰিলা গমন।
বেতাল চণ্ডীৰ আগে ভৈলা উপসন্ন॥ ৮৮॥
কৰ যোড় কৰি হনুমন্তে বোলে বাণী।
মাৱৰ ভগিনী হেৰা! প্ৰণামো গোসানি॥
দেখিয়া বেতাল চণ্ডী বুলিলা বচন।
কোঠেৰ বানৰ আসি আছ কি কাৰণ॥ ৮৯॥
হেন শুনি হনুমন্তে বোলে চালি গাৱ।
বাপ মোৰ পৱন অঞ্জনা মোৰ মাৱ॥
তযু নাম শুনি মাতৃ আইলো আশা কৰি।
যি কাৰ্য্যে আসিলোঁ সাধিয়োক শীঘ্ৰ কৰি॥ ৯০॥
শুনিয়া বেতাল চণ্ডী হৰিষ বদন।
বহিনী অঞ্জনা গৰ্ভে পৱন নন্দন॥

[ ১৮ ]

কৰ্ণে শুনি আছোঁ আজি চক্ষুৱে দেখিলে।
এতকাল হনুবাপ কিসক নাসিলে॥ ৯১॥
আসিয়োক পুত্ৰ বুলি কৰিলা চুম্বন।
কিসক আসিলি পুত্ৰ কিবা প্ৰয়োজন॥
সত্বৰে কহিয়ো বাপ! বিলম্ব নকৰ।
মনৰ বাঞ্চিত তোৰ লৈয়ো একবৰ॥ ৯২॥
হেন শুনি হনুমন্তে কৰ যোড় কৰি।
ৰাম লক্ষ্মণ দুইক আনিয়াছে হৰি॥
তাঙ্ক এড়ি দিলে মাত্ৰ বৰ যশ পাওঁ।
আন যত বলী লগে লক্ষ কোটী দিওঁ॥ ৯৩॥
হেন বাণী শুনিয়া বেতাল চণ্ডী বোলে।
আন যত খোজমানে দিবোহোঁ সকলে॥
ৰাম লক্ষ্মণক মই নপাৰো দিবাক।
যদি দয়া আছে পুত্ৰ তোমাৰ আমাক॥ ৯৪॥
পুনৰপি হনুমন্তে বলিলা বচন।
আন নলাগয় লাগে ৰাম যে লক্ষণ॥
যদি নেদা তাহাক বুলিয়ো শীঘ্ৰ কৰি।
তেবে মই এতিক্ষণে যাওঁ পৰিহৰি॥ ৯৫॥
এতেক বচন যদি হনুয়ে বুলিলা।
শুনিয়া বেতাল চণ্ডী ক্ৰোধত জ্বলিলা॥
নেদো তপসীক বুলিলোহোঁ নিষ্ঠ কৰি।
গুম গুছ যথা লাগে চলহ অন্তৰি॥ ৯৬॥
হেন শুনি হনুমন্তে চালিলন্ত গাৱ।
সুমৰিলা ৰাম লক্ষ্মণৰ দুই পাৱ॥

[ ১৯ ]

অনন্তৰে সুমৰিলা বায়ু মহাবল।
অঞ্জনাৰ সুমৰিলা চৰণ যুগল॥ ৯৭॥
পূৰ্ব্বত কৰিয়া অষ্ট গুণে তেজ ভৈলা।
সাক্ষী কৰিবাক পাচে হনুমন্তে লৈলা॥
বায়ূ বৰুণ অগ্নি বসুমতী আই।
সাক্ষী হুইবা চন্দ্ৰ সূৰ্য্য তোৰা দুই ভাই॥ ৯৮৮॥
মাসী আইক মাৰো যেবে মোত দোষ নাই।
অৱশ্যে প্ৰভুৰ কাৰ্য্য সাধিবে লাগই॥
ৰামৰ চৰণ মনে প্ৰণাম কৰিলা।
বেতাল চণ্ডীক লাঞ্জে মেঢ়াই ধৰিলা॥ ৯৯॥
মাথাৰ উপৰে ফুৰাইলেক সাত পাক।
তমোময় অন্ধকাৰ দেখাইলা দেবীক॥
মৰে মৰো কৰিয়া বেতাল চণ্ডী বোলে।
ৰাম লক্ষ্মণক বাপু তেজিলো সকলে॥ ১০০॥
নমাৰ নমাৰ মোক বাপ হনুমান।
ৰামত শৰণ লৈলোঁ ৰাখা মোৰ প্ৰাণ॥
ইজন্মত আজি মই পাইলো বড় দুখ।
আৰ নেদেখিবোঁ ইতো সংসাৰৰ সুখ॥ ১০১॥
ফুৰান্তে ফুৰান্তে শ্ৰুতি চেতন হৰিল।
শতেক যোজন পথে আছাৰি পেলাই॥
মুণ্ড গোট চিণ্ডি তাই গৈল অচেতন।
পাচে হনুমন্ত আসনত উপসন॥ ১০২॥
খাটৰ উপৰে বসিলন্ত হনু বীৰ।
বিচিত্ৰ কন্যাৰ বেশ ভৈলন্ত শৰীৰ॥

[ ২০ ]

নানা অলঙ্কাৰ গাৱে কৰি আভৰণ।
বিচিত্ৰ কুণ্ডল হাৰ কেয়ূৰ কঙ্কণ॥ ১০৩॥
হনুমন্ত দেবী বোলে কৈৰ ৰক্ষীগণ।
ঝাণ্টে গৈয়া কহ যৈত আছে মৈৰাৱণ॥
আজিসে দিবাক লাগে যত ছাগ বলী।
ঘৃত লাড়ু পায়স যতেক আনো বলী॥ ১০৪॥
হেন শুনি তেখনে চলিলা ৰক্ষীগণ।
ৰাজাৰ আগত কৈলা দেবীৰ বচন॥
শুনি মৈৰাৱণ আসিলন্ত শীঘ্ৰ কৰি।
আগতে আনিলা সবে দ্ৰব্য ভৰি পুৰি॥ ১০৫॥
দধি ঘৃত পায়স যে দুগ্ধ চেনি মিষ্ট।
ইক্ষু আখৈ কদলি শৰ্ক্কৰা দিব্য মিষ্ট॥
আগত থৈলন্ত নিয়া নমস্কাৰ কৰি।
আনোযত সম্ভাৰ থৈলন্ত সাৰি সাৰি॥১০৬॥
দেবীৰূপ হুনুমন্তে বোলন্ত নৃপতি'।
যি কিছু আনিছা পূজা কৰিয়ো সম্প্ৰতি॥
আজি শুভক্ষণে পূজা কৰা সাৱধানে।
ৰাম লক্ষ্মণক আনিয়োক বিদ্যমানে॥ ১০৭॥
ঘৃত লাডু পায়স সকলে ভুঞ্জিলন্ত।
দেখিয়া ৰাজাৰ মহা আনন্দ মনত॥
প্ৰত্যেকে গোসনী দেবী আপুনি ভুঞ্জন্ত।
এহি বুলি তেতিক্ষণে পাঞ্চিলন্ত দূত॥১০৮॥
আপুনি খোজন্ত দেবী কিনো অদভুত।
আজি দেখোঁ গোসানী আপুনি ভুঞ্জিলন্ত॥

[ ২১ ]

আজিসে লইবে পূজা বাজা বুলিলন্ত।
সন্তুষ্ট ভৈলন্ত দেবী আমাত অত্যন্ত॥ ১০৯॥
ৰাম লক্ষ্মণক নাগপাশে বান্ধি আছে।
মন্ত্ৰ পঢ়ি নাগ পাশ মেলিলন্ত পাচে।
ৰাম লক্ষ্মণক লৈই চলিল সত্বৰে।
হেন দেখি নগৰৰ লোক নিৰন্তৰে॥ ১১০॥
তেলি মালি আদি কৰি পসাৰী সমাৰী।
আনো যত নগৰত আছে নৰ নাৰী।
দূতগণে নেই ৰাম লক্ষ্মণ দোভাই।
সকলে নগৰী লোক লৱড়ন্তে যাই॥ ১১১॥
শ্ৰীৰাম বোলন্ত বাপ ভৈয়াই লক্ষ্মণ।
হৰি হৰি এভো নাসিলন্ত হনুমান।
তেহোঁ নতু আসন্তে হৰাই ইটো প্ৰাণ।
লক্ষ্মণে বোলন্ত দদা কিসৰ ধীয়ান॥১১২॥
ভগৱন্তে আমাৰ মিলাইল মহাদুখ।
আওৰ নেদেখিবোঁ ইটো সংসাৰৰ সুখ।
কৌশল্যা সুমিত্ৰা নেদেখিলোঁ দুইমাৱ।
ষাঠী লক্ষ ৰাজা কোটী লক্ষ প্ৰজাচয়॥ ১১৩॥
সীতাৰ নিমিত্তে দুই ভাইৰ যাই প্ৰাণ।
গুণন্তে গুণন্তে আসি মিলিবে মৰণ॥
অনন্তৰে দূতে নিয়া যোগাইলে তেখন।
হেন দেখি মৈৰাৱণে বুলিলা বচন॥ ১১৪॥
শীঘ্ৰকৰি আসিয়োক কৰিয়োক স্নান।
হেন শুনি জলত নামিলা-দুয়ো জন॥

[ ২২ ]

জলত নামিয়া বুলিলন্ত চক্ৰ পাণী।
চন্দ্ৰ সূৰ্য্য বায়ু সাক্ষী হুইবাহা আপুনি॥ ১১৫॥
পাশীষ্ঠৰ হেতু আমি যাইবো যমস্থান।
এহি বুলি প্ৰভুৰামে কৰিলন্ত ধ্যান॥
অনন্তৰে দুইয়ো কৰিলন্ত নিত্য কৰ্ম্ম।
স্নান তৰ্পণ বিধি ব্যৱহাৰ ধৰ্ম্ম॥১১৬ ॥
নিয়ম সংযম কৰি উঠিলা তৰত।
অনন্তৰে মৈৰাৱণে বুলিলা সাক্ষাত॥
শুনিয়োক বোলোঁ মই তপসী দুজন।
যতেক আছয় মোৰ শত মাতৃগণ॥১১৭॥
কৈল্যাণে থাকোহোঁ মই ৰাজা মৈৰাৱণ।
দোলনী নগৰ মোৰ অতি বিতোপন॥
কৈল্যাণে থাকোক মোৰ পটেশ্বৰীগণ।
আদ-পঞ্চ-শত পুত্ৰ হৌক উতপন্ন॥ ১১৮॥
হেন শুনি ৰাম দেৱ দিলন্ত উত্তৰ।
যতেক সংসাৰ ইটো আছে চৰাচৰ॥
তোৰ পিতৃ লঙ্কেশ্বৰ ৰাজা মহাবীৰ।
মোহোৰ হাতত তাৰ ছেদ হৌক শিৰ॥ ১১৯॥
তোৰ মাৱ মন্দোদৰী সমে ৰাণ্ডি হৌক।
লক্ষ্মণৰ শৰে ইন্দ্ৰজিত যে মৰোক॥
তাহান ঘবণী হত হৌক শত নাৰী।
গৰ্ভৰ ছৱাল হই যাওক মৰি মৰি॥ ১২০॥
দোলনী নগৰ তোৰ পূৰিহৌক ছন্ন।
নিষ্টে নিষ্টে তোক মই বুলিলোঁ বচন॥

[ ২৩ ]

ৰামৰ বচনে মৈৰাৱণ গৈল জ্বলি।
বাপ মাৱ ভৰ্ৎসিয়া ৰামক পাৰে গালি॥ ১২১॥
শুনৰে তপসী মই তোহোক বুজাওঁ।
এহিসে কাৰণে যমকৱলে পঠাওঁ॥
বেঙ্গৰ বচনে হৱে বাৰিষাৰ জল।
তোহোৰ বচনে আমি মৰিবোঁ সকল॥ ১২২।
হেন ঠান বাপতোৰ জান আপোনাক।
নাৰীৰ বচনে বনে পঠাইলেক তোক॥
ধ্যান কৰি সৰ্ব্বক্ষণে থাক দুই ভাই।
একনাৰী ৰাখিতে কিসক শক্যা নাই॥ ১২৩॥
ত্ৰৈলোক্যৰ ৰাজা মোৰ পিতা মহাবীৰ।
স্ত্ৰী চোৰ বুলি কেনে বান্ধিলি সাগৰ॥
কিসক কলমউ ফল খুৱালি সকল।
নষ্ট কৰালিহি সিটো সুশীতল জল॥ ১২৪॥
সি সবৰ ফলতোক ভুঞ্জাইবো এখন।
পুৰি ভস্ম কৰিলি নগৰ বিতোপন॥
ঝাণ্টে কৰি দেশ জানু বিলম্ব নকৰ।
এহি বুলি খড়্গহাতে লৈলেক পামৰ॥ ১২৫॥
শত কোটী আয়ু আছিলেক নৃপতিতে।
সমস্তে খণ্ডিল তাৰ খড়্গ উচ্ছাৰন্তে॥
নিমিষতে নাশ ভৈল চিত্ৰ গুপ্তহাতে।
পুনৰপি ৰামক যে মৈৰাৱণে মাতে॥ ১২৬॥
দেশ দেশ জানু ঝাণ্টে বোলে মৈবাৱণ।
গালি পাৰি ৰামক যে বোলন্ত বচন॥

[ ২৪ ]

শুনিয়া গোসাইৰ মনে মিলিল সন্তাপ।
কতেক সহিবো আৰ পাপীষ্টৰ তাপ॥ ১২৭॥
ৰামৰ চরণে সবে কৰিয়োক সেৱ।
গুণি চোৱাৰাম বিনে আছে কোন দেৱ॥
পৰম পুৰুষ দেৱতাৰো দেৱহুই।
সংসাৰী জনৰ প্ৰভু দেখন্ত বিলাই॥ ১২৮॥
নাৰীৰ সঙ্গত নুহিবেক কোন গতি।
আকে জানি বিষয়ত হুয়ো বিৰকতি॥
অনন্ত শকতি ৰাম অতৰ্ক্য মহিমা।
ষাৰ মায়া বিভৱৰ নাহিকয় সীমা॥ ১২৯॥
যাহার মহিমা গুণ বেদে অগোচৰ।
কহিবে নোৱাৰে তাক শেষ ব্ৰহ্মা হৰ॥
হেনজানি বিষয় বিলাস তেজিয়োক।
নিৰন্তৰে নৰে ৰাম ৰাম ঘুষিয়োক॥ ১৩০॥

লেচাৰি।

হাহা প্ৰাণ ভ্ৰাতৃ লক্ষ্মণ,  তোমাক চাহান্তে দহে প্ৰাণ।
 সীতাতো কৰিয়া লক্ষ গুণে ভৈলাচাৰ॥
পিতৃ মাতৃ ভ্ৰাতৃ ৰাজ্যভাৰ,  সবে ত্যজি মোক কৰি সাৰ।
 একেলগে আজি মৰণ হোৱে দুভাইৰ॥ ১৩১॥

[ ২৫ ]

অযোধ্যাৰ পাত্ৰ মন্ত্ৰীলোকে  সবে বাট চাহি আছে তোকে
 সমস্ত প্ৰজাৰ আমি সে জীৱন প্ৰাণ॥
মাতৃ ভ্ৰাতৃ ভৰতেয়ো মোকে,  সবে বাট চাহি আছে শোকে
 দণ্ডে যুগ যাই নেদেখি নৰহে প্ৰাণ॥ ১৩২॥
সুবেলগিৰিত বাট চাই,  নৱলক্ষ ৰাজা আছেৰৈই
 ষাঠী লক্ষ পাত্ৰ কোটী লক্ষ সেনগণ॥
হৰি হৰি বিধি হেন কৈলা,  পাতাল পুৰত নিবন্ধিলা
 মৈৰাৱণ হাতে কৰাইলা আনি মৰণ॥ ১৩৩॥
ৰাজভোগ আশা গৈলদূৰ,  সবে পৰাক্ৰম ভৈলচুৰ
 দুৰাচাৰ পাপী কৰিলে হেন অৱস্থা॥
অস্ত্ৰ সস্ত্ৰ হস্তে কিছু নাই,  সবে বলবীৰ্য্য ভৈলঠাই
 দাৰুণ বিধাতা কি কহিবোঁ তোৰ কথা॥ ১৩৪॥
বায়ুসুত হনুমন্তবীৰ, তাহান কথাক নপাওঁথিৰ
 মৈৰাৱণ পাপী কৈত বা মাৰিলে তাক॥
লক্ষ্মণে বোলন্ত প্ৰাণ নাথ,  কোটী কোটী ব্ৰহ্মাণ্ডৰ নাথ
 হুয়া কেনে প্ৰভু কিসক ভাণ্ডা আমাক॥ ১৩৫॥
তযু কটাক্ষত ত্ৰিভুবন, ছন্ন কৰিবাক এতিক্ষণ
 পাবা প্ৰভু কোন বস্তু ইটো মৈৰাৱণ॥
ব্ৰহ্ম জ্ঞান চিন্তি ধৈৰ্য্যধৰি,  ইটো পাপীষ্টক ঝান্তকৰি
 যোগবলে প্ৰভু ভস্মকৰা এতিক্ষণ॥ ১৩৬॥
যদি হনুমন্ত মৰিলেক,  তাকো এতক্ষণে জিয়ায়োক
 তেবে প্ৰভু তযু ক্ষাতি ৰৈবে ত্ৰৈলোক্যত॥
হেন শুনি ৰাম ভগৱান,   মহা ধৈৰ্য্যধৰি তাৱক্ষণ
 মহা যোগবলে থিৰ কৰিলন্ত চিত্ত॥ ১৩৭॥

[ ২৬ ]

শ্ৰীৰাম বদতি হনুমন্ত তুমি মহাবীৰ অদভুত
 পুনু আৰু শতগুণে তেজবল হৌক॥
এতিক্ষণে ইটো পাপীষ্টক,  গোসানি দিলোঁহোঁ কাটিয়োক
 ইহাৰ সবংশ সহিতে নিৰ্ম্মূল হৌক॥ ১৩৮॥
হেন জানি সবে নৰলোক,  বিষয়ত স্পৃহা তেজিয়োক
 ৰামৰ চৰণে ভজা তেজি আনকাম॥
দেৱৰ দুলৰ্ভ নৰ তনু,  কত তপসাই পাই পুনু
 হেন জ্বানি সদা নেড়িবা হৰিৰ নাম॥ ১৩৯॥
চাৰিয়ো বেদৰ ইসেপাৰ,  নামত বিনায়ে নাহি আৰ
 জানিয়া সঘনে স্মৰিয়ো হৰিৰ নাম॥
তেজিয়ো যতনে আন কাম,  উচ্চ কৰি বোলা ৰাম ৰাম
 তেবেসে সমস্তে সিদ্ধি হইবে মনকাম॥ ১৪০॥

চবি।

খড়গ দেখি হনুমন্ত বৰ ভয় লভিলন্ত
 আবে কৰো উপায় কমন।
ৰাজাক বোলন্ত মাতি  শুনৰে ৰাক্ষস জাতি
 কিছু নুবুজস বিধি যেন॥ ১৪১॥
প্ৰথমতে নমস্কাৰ  নকৰিয়া দুৰাচাৰ
 বলিক কাটস কি কাৰণ।
প্ৰণামিয়া থাকতই  যাৱে নোতোলো হোঁমই
 তেবে তই নুঠিবি এখন॥ ১৪২॥

[ ২৭ ]

মোৰ সমীপত আনি  খড়্গ খান থৈয়ো জানি
 পাওঁ হাত মেলিয়া আপোনে।
হেন শুনি মৈৰাৱণে  সবে মানি লৈলমনে
 খড়্গ আনি থৈলা তেতিক্ষণ॥ ১৪৩॥
অধোমুখে বাৰম্বাৰ।  কৰিলন্ত নমস্কাৰ
 থাকিলন্ত অধোমুখ হই।
হনুমন্তে বোলে আবে  প্ৰভু কাৰ্য্য সাধোঁ তেবে
 সুমৰিলা ৰাম পদদুই॥ ১৪৪॥
লক্ষ্মণক সুমৰিয়া  বায়, বাপ অঞ্জনাক
 সুমৰিয়া খড়্গ হাতে লৈলা৷
নৃপতিৰ যত আয়ু  আছিলেক চিত্ৰগুপ্তে
 একেবাৰে পত্ৰ মাজিথৈলা॥ ১৪৫॥
পুনৰপি দেবীচণ্ডী   হনুমন্তৰূপে উঠি
 দৃঢ় কৰি প্ৰহাৰ কৰিলা।
সেহিঘাৱে শিৰূতাৰ  চিণ্ডি গৈল অনিৰ্ব্বাৰ
 কতো দূৰে উফৰি পৰিল॥ ১৪৬॥

পদ।

সাধু সাধু প্ৰশংসা কৰিলা দেৱগণ।
মৈৰাৱণ দুৰাচাৰ গৈল যম স্থান॥
হনুমন্ত মহাবীৰ পৱন নন্দন।
ৰাম লক্ষ্মণক লৈই কৰিলা গমন॥ ১৪৭

[ ২৮ ]

কান্ধত কৰিয়া হনুমন্তে লৈয়াযাই।
তাৰপটেশ্বৰী আগে জনাইলন্ত গৈই॥
শুনি পটেশ্বৰি ৰঙ্গে বুলিলা বচন।
কেতিয়া আসিব মোৰ ৰাজা মৈৰাৱণ॥১৪৮॥
ভালেকি দিলন্ত বলি তপসী দোভাই।
ভালে পূজা লৈলন্ত বেতালচণ্ডী আই।॥
সত্বৰে কহিয়ো কথা খেদ কৰে মন।
ৰাজাক লাগিয়া মই ৰান্ধি আছো অন্ন॥ ১৪৯॥
বেতালচণ্ডীৰ বৰ লৈয়া এতিক্ষণে।
ভোজন কৰিব মহা আনন্দিত মনে॥
হেন শুনি কহিলেক কথা যথাবৃত।
কৈবাক নপাৰি কথা অতি বিপৰীত॥ ১৫০॥
দধি দুগ্ধ ঘৃত মধু নৈবিদ্য কদল।
ৰাজাৰ আগতে দেবী ভুঞ্জিলে সকল॥
হেন দেখি ৰাজা পাছে তপসীক নিল।
তপসীৰ গাৱে পৰি খড়্গ ভাগি গৈল॥ ১৫১॥
পুনু আন খড়্গ থৈয়া ৰাজা প্ৰণামিলা।
সেহি অস্ত্ৰ ধৰি দেৱী ৰাজাক কাটিলা॥
তেখনে গোসানি দেবী অদৃশ্য, ভৈলন্ত।
এগোটা বানৰে আসি ৰামক নিলন্ত॥ ১৫২॥
দুই বাহু মেলিলা কান্ধত লৈয়াযাই।
হেন দেখি জনাইবাক আইলোঁ তযুঠাই॥
হেন শুনি পটেশ্বৰী বিপৰীত কথা।
লৱৰি খেদিয়া গৈলা হনু আছে যথা॥ ১৫৩॥

[ ২৯ ]

আৰে ৰহ কপিবুলি পাৰে দীৰ্ঘৰাৱ।
মোৰ স্বামী মাৰি তই কিসক পলাৱ॥
হেন শুনি হনুমন্তে পাছ লাগি চাইল।
বৃহদ ৰাক্ষসী খেদি আসন্তে দেখিল॥ ১৪৫॥
হেন দেখি হনুৰযে শংসয় মনত।
ৰামক বোলন্ত প্ৰভু নামা ইথানত॥
যুঝিবাক লাগে প্ৰভু আৰু পুনৰপি।
এহি বুলি সাবধান ভৈল পাচে কপি॥ ১৫৫॥
তেতিক্ষণে ৰাক্ষসী খেদিয়া আসি পাইল।
এহি সে বানৰে মোৰ স্বামীক মাৰিল॥
মই আজি শিৰচ্ছেদ কৰোহোঁ তাহোৰ।
এই বুলি ৰাক্ষসিনী চাপিল ওচৰ॥ ১৫৬॥
দুইহান্তৰ আন্দোল লাগিল জৰাজৰি।
তোলন্ত পাৰন্ত দুয়ো দুইহান্তক ধৰি॥
আছোৰ কামোৰ লাগিলেক হতাহতি।
খনো আগ হৱে খনো হোৱে পাচকতি॥১৫৭॥
হৃদয়ে হৃদয়ে মুখে মুখে তুণ্ডে তুণ্ডে।
নাশিকায়ে নাশিকায়ে কতোমূণ্ডে মুণ্ডে॥
উৰুৱে উৰুৱে হাতে হাতে পদে পদে।
দুয়োজনে এইমতে যুঝে নানা বন্ধে॥ ১৫৮॥
ভুকুয়ে মুকুটি প্ৰহাৰয় দন্ত ঘাৱে।
চৱৰ চৰ্পট ছোট লাঠি ভুকুপাৱে॥
অনেক প্ৰকাৰে দুয়ো কৰন্ত সমৰ।
ভঙ্গ জয় নাহিকয় দুতয় প্ৰহৰ॥ ১৫৯॥

[ ৩০ ]

আত অনন্তৰে পাছে বীৰ হনুমন্ত।
আপোনাৰ বলক্ষীণ জানিল মনত॥
তথাপি যুঝন্ত বীৰ নটলে শৰীৰ।
ৰাক্ষসিনী জয় বলে ক্ষীণ কপিবৰ॥ ১৬০।
আন্দোলেক দিয়া পড়িলেক মহীতলে।
উফৰি পৰিল হনু তাইৰ পয়োভৰে॥
হনুৰ বুকত উঠি ঝঙ্কাৰে প্ৰচণ্ড।
পৃথিবী কম্পিল মেঘ ভৈল খণ্ড খণ্ড॥১৬১॥
সপ্তযে সাগৰ খলকিল নিৰন্তৰ।
স্বৰ্গতে বিস্ময় ভৈল সব দেৱতাৰ॥
চন্দ্ৰ সূৰ্য্য গ্ৰহ বায়ু অগ্নি যে বৰুণ।
মৰ্ত্যৰ মনুষ্য পাতালত নাগগণ॥ ১৬২॥
হাঁহাঁকাৰ শবদ কৰন্ত দেৱগণ।
মৰণ সমান ভৈল পৱন নন্দন॥
আসকত হেন দেখি বুলিলা ৰাক্ষলী।
আবেসে পঠাইবোঁ তোক যমঘৰে পেশি॥ ১৬৩॥
কোনদেৱ আছে তোৰ সত্বৰে সুমৰ।
অৱশ্যেকে তোহোক পঠাইবোঁ যমঘৰ॥
হেন শুনি হনুমন্তে সুমৰিলা মনে।
ৰাম বিনে কোনদেৱ আছে ত্ৰিভুবনে॥ ১৬৪॥
ৰামৰ চৰণে নমিলন্ত বাৰে বাৰ।
অনন্তৰে প্ৰণামিলা লক্ষ্মণ কুমাৰ॥
অষ্ট গুণে বল ভৈল হনুৰ শৰীৰে।
আঙ্গুল বঢ়াইলা পাছে হনুমন্তবীৰে॥ ১৬৫॥

[ ৩১ ]

বজ্ৰময় লাঙ্গুলে মেঢ়াই ধৰি তাইক।
আকাশত তুলিয়া ফুৰাইলা সাতপাক॥
ফুৰন্তে ফুৰন্তে তাই ভৈল অচেতন।
আছাৰ মাৰিলা চিন্তিৰামৰ চৰণ॥ ১৬৬॥
ৰাক্ষসী মৰিল দেখি হনুৰ হাতত।
দেৱগণে পুষ্প বৃষ্টি কৰিলা শিৰত॥
সাধু সাধু হনুমন্ত পৱন তনয়।
দুৰ্ব্বাৰ ৰাক্ষসী পঠাইলাহা যমালয়॥ ১৬৭॥
অচেতন ভৈল মুখ বিকটা স্বভাব।
অৰ্দ্ধেক ৰাক্ষসী অৰ্দ্ধ নাগিনীৰ নয়॥
সৰ্পৰ নৃপতি কালী ৰাজাৰ জিয়াৰী।
ৰাৱণৰ বধু মৈৰাৱণৰ যে নাৰী॥১৬৮॥
ঢাকিয়া পড়িল তিনি প্ৰহৰৰ বাট।
কম্পিল পৃথিবী কতো দূৰে দিলা ফাট॥
থুলন্তৰ পেট গোট পৰ্ব্বত সমান।
দেখিলন্ত হনুমন্তে তাইৰ গৰ্ভ যেন॥ ২৬৯॥
পাছে হনুমন্তে দিলা লাঠীৰ প্ৰহাৰ।
কিনো আছে দুৰাচাৰি গৰ্ভত তোহোৰ॥
পাচে হনুমন্ত বীৰ পৱন নন্দন।
ৰাম লক্ষ্মণক লৈই কৰিলা গমন॥ ১৭০॥
কান্ধে চড়ি চলিযান্ত ৰাম চক্ৰপানী।
অনন্তৰে শুনিয়োক ৰাৱণ কাহিনী॥
লাল বীজ গাৱৰ সকলে বহি যাই।
উপজিল মহাবীৰ থুলন্তৰ কাই ॥১৭১॥

[ ৩২ ]

উপজীয়া বোলে কৈক গৈলেক বানৰ।
শীঘ্ৰ কৰি তাহাক পঠাওঁ যম ঘৰ॥
এহি বুলি মহাবীৰ বায়ু বেগে ধাইল।
কতো দূৰ অন্তৰে হনুক ভেট পাইল॥ ১৭২॥
খেদি আসি অসুৰে হনুক দিলাধাৰ।
মোৰ বাপ মাৱক নাৰিলি দুৰাচাৰ॥
মোক যুদ্ধ নিদি তই কিসক পলাস।
মোৰ বাপ মাৰি তই সেন্থৰে নৈৰাশ॥ ১৭৩॥
হেন শুনি হনুমন্তে চালিলন্তগাৱ।
পাচত কোনবা গোটে মোক দেই ৰাৱ॥
ৰামক বোলন্ত প্ৰভু নামা এতিক্ষণ।
যুঝিবাক লাগিমই হওঁ সাবধান॥ ১৭৪॥
বাপৰ মাৱৰ সাধিবোহোঁ প্ৰতীকাৰ।
আগবাঢ়ি গৈল পাচে পৱন কুমাৰ॥
দুয়ো দুইক বীৰত্ব বুলিল বহুতৰ।
হনুমানে বোলে তোক পেশোঁ যমঘৰ॥ ১৭৫॥
এহি বুলি মহাবীৰ বায়ু, বেগে ধাইল।
নিমিষেকে গৈয়া অসুৰক লাগ পাইল॥
ছণ্ড বন্ধ দুই হন্তে জানয় বহুতৰ।
খনো তল হোৱে কতো হোৱন্ত ওপৰ॥ ১৭৬॥
যিথানত পড়ে দুইৰো চৰণ প্ৰহাৰ।
সৰোবৰ সম হোৱে বহল বিস্তাৰ॥
অনন্তৰ গৰ্ভাসুৰে কোপ কৰিবড়।
হনুৰ হৃদয়ে বৈসাইলেক মুষ্ঠি দৃঢ়॥ ১৭৭॥

[ ৩৩ ]

মুষ্টিৰ প্ৰহাৰে নকম্পিত হনুৰ্বীৰ।
হেন দেখি গৰ্ভাসুৰ নসহে শৰীৰ॥
পুনৰপি মুষ্টি হানিলন্ত দৃঢ়ত্তৰ।
তমোময় দেখি পড়িলন্ত কপীবৰ॥ ১৭৮॥
হনুরে তাহাক তাড়িলন্ত নিৰন্তৰে।
মহাবীৰ গৰ্ভাসুৰে কটাক্ষো নকৰে॥
পাচে দুই হাতে চাপি হনুয়ে ধৰিলা।
মহাবীৰ গৰ্ভাসুৰ পিচলি পড়িলা॥১৭৯॥
তাহাৰ হিয়াত মুষ্ঠি কৰিলা প্ৰহাৰ।
হৃদয় ফুটিয়া বাজভৈলা তেজধাৰ॥
পাইলেক বিষম চোট কম্পমানকাই।
অতি বিমোহিত দুষ্ট ভৈল মৃত প্ৰায়॥ ১৮০॥
পুনৰপি চেতন লভিলা মহাবীৰ।
শন্ধুকিয়া কতোক্ষণে চিত্ত কৰি স্থিৰ॥
মুষ্ঠি বৈসাইলেক পাচে হনুৰ শৰীৰে।
কুম্ভ স্থল ভাগি তেজবহে ধাৰেসাৰে॥ ১৮১॥
মহাকোপে দিলা তাক মুষ্ঠিৰ প্ৰহাৰ।
দুৰ্ব্বাৰ ৰাক্ষস যে কটাক্ষে নাহি তাৰ॥
দেখি গৰ্ভাসুৰৰ যে নসহে শৰীৰ।
পুনৰপি মুষ্ঠি বৈসাইলেক মহাবীৰ॥ ১৮২॥
দাৰুণ প্ৰহাৰ পাইয়া বীৰ হনুমন্তে।
কম্পি মুৰ্চ্চা যাই পৰি থাকিল কেঙ্কান্তে॥
পুনু উঠি মুষ্ঠি বৈসাইলেক বক্ষস্থলে।
হিয়া চুৰ্ণ হুয়া তেজ বহয় বোম্বালে॥ ১৮৩॥

[ ৩৪ ]

দুই বাহু মেলিয়া ধৰিলা আঙ্কোৱালি।
মহাবীৰ গৰ্ভাসুৰ পৰিলা পিচলি॥
পুনৰপি মুষ্ঠি বৈসাইলেক মহাবীৰ।
হৃদিফুটি ৰুধিৰ বহয় ৰাক্ষসৰ॥ ১৮৪॥
ভৰি ভৰি চান্দি তাক পেলাই আছাড়ি।
পৰ্ব্বত আকাৰে গৰ্ভাসুৰ গৈল পড়ি॥
ক্ৰোধিলন্ত হনুমন্তে মনত অতুষ্টি।
গাৱৰ সন্ধানে বৈসাইলন্ত বজ্ৰমুষ্টি॥ ১৮৫॥
দাৰুণ প্ৰহাৰ পায়া বীৰ গৰ্ভাসুৰ।
মূৰ্চ্ছাগৈল নাকে মুখে বঝাৱে ৰুধিৰ॥
পুনৰপি মুষ্ঠি বৈসাইলেক মহাকাই।
বিষম চৰ্পটদিলা কহন নযাই॥১৮৬॥
লোম গাছো নলৰিল হনুমন্তৰাই।
পুনৰপি যুঝে দুয়ো ব্যথিত যে কাই॥
মুষ্টি বৰ টান পায়া বীৰ গৰ্ভাসুৰ।
হনুৰ গাৱত মুঠি বৈসাইলন্ত বৰ॥ ১৮৭॥
তিৰিমিৰি দেখি অতি অন্ধকাৰময়।
মহাবিমুৰ্চ্ছিত ভৈলা বিকম্প পৰাই॥
চিত্ত দৃঢ় কৰি পাছে হনুমহাবীৰ।
চৱৰ চৰ্পট চোট দিল বহুতৰ॥ ১৮৮॥
কিঞ্চিতেকো নগণিলা বীৰ গৰ্ভাসুৰ।
হনুমন্তে বোলে কিনো দুৰ্জ্জয় অসুৰ॥
চণ্ড বন্ধ কৰিয়া যুঝিলে বাৰম্বাৰ।
ইহাৰ সমান বীৰ নুহুইবেক আৰ॥ ১৮৯॥

[ ৩৫ ]

পাছে গৰ্ভাসুৰ বীৰ বায়ুবেগে উঠি।
হনুৰ হিয়াত তাড়িলেক দৃঢ় মুঠি॥
দাৰুণ প্ৰহাৰ পায়া বায়ুৰ নন্দন।
মহাদুখে বসিয়া তম্ভিল কতোক্ষণ॥ ১৯০॥
হনুমন্তে বোলে আবে কোন কৰ্ম্ম কৰোঁ॥
গৰ্ভাসুৰ পাপীষ্টক কোন মতে মাৰোঁ॥
ৰাৱণে লৈয়াছে বৰ পূৰ্ব্বত হৰত।
সিকাৰণে তাৰ বধ নোহে কোন মত॥১৯১॥
হেন জানি নৰ লোক তেজি আন কাম।
ৰামৰ চৰণে ভজি বোলাঁ ৰাম ৰাম॥ ১৯২॥

⸻⸻

দুলড়ি।

পাছে হনুমন্ত,   উপায় চিন্তন্ত,
 কিমতে বধিবোঁ আক।॥
মোৰ বল বুদ্ধি,   সকলে হৰিল,
 মুখতো হৰিল মত॥
সাগৰ তৰিলোঁ,   লঙ্কাক পূড়িলোঁ,
 সীতাত বাৰ্ত্তা জানাইলোঁ।
ৰামতো জনায়া,   সেতুক বান্ধিয়া,
 সাগৰৰ পাৰ ভৈলোঁ॥১৯৩॥

[ ৩৬ ]

তাহাত তৰিলোঁ,   সকলে কৰিলো,
 আবে কৰোঁ কোন কাম।
গৰ্ভাসুৰ সিন্ধু,   নাৱক বুৰাও,
 ৰক্ষা কৰা প্ৰভু ৰাম॥
ইহাৰ বাপেকে,  মৈৰাৱণ গৈয়া,
 ৰাম লক্ষ্মণক পাই।
মায়া নিদ্ৰা-বানে,  সৱাকো মুহিয়া,
 হৰি নিলে তাৰ ঠাই॥ ১৯৪॥
পাছে কান্দি কান্দি,   বিচাৰি ফুৰিয়া,
 পক্ষীত উপায় পাইলোঁ॥
ৰামৰ প্ৰসাদে,  পাতাল পুৰত,
 মালিনীৰ লগ পাইলোঁ॥
পাছে বৰ বৃদ্ধ,  দ্বিজৰূপ ধৰি,
 বচনে আশংসা কৈলোঁ৷
তাত বাৰ্ত্তা পাই,  কতোক্ষণে যাই,
 ৰাম লক্ষ্মণক পাইলোঁ॥ ১৯৫॥
মাক্ষীৰূপ হুই,   কৰ্ণ পথে কই,
 দু-ভাইৰ শঙ্কা গুচাইলোঁ।
তৈৰহন্তে আসি,   বেতাল চণ্ডীক,
 লাঙ্গুলে মেঢ়াই ধৰিলোঁ।
দেৱীৰূপ হয়া,   আসনে বসিয়া,
 দ্বাৰীত বাৰ্ত্তা জনাইলোঁ।
বজ্ৰহস্ত পাতি,   খাণ্ডাক ভাঙ্গিলোঁ।
 বৰ ভয় দেখুৱাইলোঁ॥ ১৯৬॥

[ ৩৭ ]

মৈৰাৱণ ৰাজা,   মনক মুহিয়া,
 হাতে খড়্গ খান ধৰি।
তাৰ মুণ্ড কাটি,   সম্ভাৰে ভুঞ্জিয়া,
 তৈৰ হন্তে আইলোঁ চলি॥
বিতোপনী নামে,   তাৰ পটেশ্বৰী,
  কালী নৃপতি জিয়ৰী।
ৰাজাৰ সন্তাপে,   খাণ্ডা বাৰু লৈয়া,
 যুদ্ধ দিলা ক্ৰোদ্ধ কৰি॥ ১৯৬॥
পালতি আসিয়া,   তাইক যুদ্ধ দিলোঁ
 নিজ তেজ বল ৰাখি।
লাঙ্গুলে মেঢ়াই,   আফালি মাৰিলোঁ,
  দেৱধৰ্ম্ম হুইবা সাক্ষী
পৰ্ব্বত সমান;   পেট গোট তাইৰ
 লাঠি দিলোঁ বৰ টানি।
উদৰ ফুটিল,  ভূমিত পৰিল,
 গৰ্ভৰ চৱাল খানি॥ ১৯৮॥
লাল বীজে উঠি,   মোক যুদ্ধ দিলে,
 ইটো কেন বিপৰ্য্যয়।
উপায় কাৰণে,   ধৰিবে নোৱাৰোঁ,
 আবে পাইলো বৰ ভয়॥
পৱন নন্দন,  গুণে মনে মন,
 আবে কৰোঁ কোন কাম॥
প্ৰেতৰ হাতত,   মোৰ প্ৰাণ যাই,
 ৰক্ষা কৰাঁ প্ৰভু ৰাম॥ ১৯৯॥

[ ৩৮ ]

পদ।

 অনন্তৰে মৈৰাৱণ তনয় দুৰ্জ্জয়
আপুনি জীবাৰ মনে উপায় চিন্তয়॥
দুয়ো পৰাক্ৰমী ৰণে একে সমশৰ।
নিৰ্ভয় স্বৰূপে আক পেশোঁ যমঘৰ॥ ২০০॥
আক একো প্ৰকাৰে যে বধিবে নপাৰোঁ॥
গৰ্ভৰ ভিতৰ পশি ঝাণ্টে কৰি মাৰোঁ॥
এহি বুলি তেতিক্ষণে ৰাৱণ তনয়।
মায়া কৰি ভৈল সিটো ভ্ৰমৰৰ নয়॥ ২০১১॥
পৱন সঞ্চাৰে বীৰ নাথাকিল ৰৈই।
গৰ্ভৰ ভিতৰ পশি আলোচ কৰই॥
আন্দোল কৰহোঁ বৰ হনুৰ গৰ্ভত।
আন্ত চিণ্ডি থাওঁ মই পাৰোমানে যত॥২০২॥
গৰ্ভৰ ভিতৰে ইটো সুকোমল থান।
দুৰাচাৰ গৰ্ব্বানুৰে কৰে বৰ টান॥
পৱন তনয় হনুমন্ত মহাবীৰ।
অতি মহা পীড়া পাই দুৰ্জ্জয় শৰীৰ॥ ২০৩॥
আচাৰ পিচাৰ কৰে হনুমন্ত ৰাই।
কামোৰয় বৰ টানে সহন নযাই॥
চক্ৰাকাৰে ফুৰে হনুৰ গুহ্যৰ ভিতৰে।
অধিকে বেদনা কৰে গৰ্ভৰ ভিতৰে॥২০৪।
নিকশত ভৈল বড় পৱনৰ সুত।
বিলাপ কৰন্ত হনুমন্তে অদভুত॥

[ ৩৯ ]

হৰি হৰি দৈৱ বিধি কিনো ভৈল মোৰ।
দুৰাচাৰ হাতে মই যাওঁ যমপুৰ॥ ২০৫॥
বিস্তৰ শিলাক আনি বান্ধিলো সেতুক।
লঙ্কাত ৰাক্ষস সেনা বধিলো অনেক॥
ৰাৱণৰ তনয়ক কৰিলো সংহাৰ।
দুৰাচাৰ হাতে মই যাওঁ যমদ্বাৰ॥ ২০৬॥
আউৰ নেদেখিবোঁ প্ৰভু সংসাৰৰ সুখ।
জনম প্ৰভৃতি আজি পাইলোঁ বৰ দুখ॥
হৰি হৰি ৰাম কাৰ্য্য সাধিবে নপাইলোঁ।
দুৰাচাৰ হাতে মোৰ পৰাণে মাৰিলোঁ॥ ২৭॥
হেন শুনি শ্ৰীৰামে বোলন্ত হনুমান।
দ্বাৰসব নিবন্ধিয়া কৰিয়োক ধ্যান॥
আন্দোল কৰিয়া বল দিয়া এতিক্ষণ।
দুষ্ট গৰ্ভাসুৰ বাজ হুইব তেতিক্ষণ॥২০৮॥
ৰামৰ বচনে দ্বাৰ সব নিবোধিলা।
বাপ মাৱ সুমৰিয়া এক বল দিলা॥
ৰাজ ভৈল গৰ্ভাসুৰ অতি ভয়ঙ্কৰ।
পুনৰপি দুইৰো বৰ লাগিল সমৰ॥২০৯॥
মহাবীৰ গৰ্ভাসুৰ তেখনে এৰাই।
পিচলি পৰিল তাক ধৰণ নযাই॥
এতহন্তে গৰ্ভাসুৰ দুৰ্জ্জয় শৰীৰ।
বাপ মাৱ শোকে তাৰ চিত্ত নোহে থিৰ॥ ২১০॥
পুনু যুঝিলন্ত হনুনন্ত ভৈল তল।
ওপৰ ভৈলে গৰ্ভাসুৰ মহাবল॥

[ ৪০ ]

ক্ষীণ ভৈল বল দেখি পৱন নন্দন।
দেৱগণে দেখিয়া বিষাদ ভৈল মন॥ ২১১॥
অচেতন হেন দেখি বায়ুৰ নন্দন।
গৰ্ভাসুৰে বোলে আৰ শঙ্কলিলোঁ প্ৰাণ॥
বনৰ বানৰ পাপী অতি দুৰাচাৰ।
মোৰ বাপ মাৱক মাৰিলি কুলাঙ্গাৰ॥ ২১২॥
আবে কি কৰিবি তোৰ হৰাবে জীৱন।
আজিসে তোহোক মাৰি নিবোঁ যম-থান॥
বাপৰ মাৱৰ ঋণ শুজিবোঁ সকল।
মোহোৰ হাতত পৰি যম ঘৰে চল॥ ২১৩॥
তপসী দু-ভাইৰো আজি সাধো প্ৰতীকাৰ।
শুনি হনুমন্তে অতি ক্ৰোধে চমৎকাৰ॥
নিৰ্য্যান দেখিয়া বোলে ৰাম হৃষিকেশ।
শুনা বাপু হনুমন্ত মোৰ উপদেশ॥ ২১৪॥
আমাক মনত তুমি কৰিয়ো চিন্তন।
তোমাৰ গাৱত বল হইব তেতিক্ষণ॥
অগনি জ্বালিয়া তাৰ পুড়িয়ো নগৰ।
ৰাজাৰ বিচিত্ৰ খাট পাট নিৰন্তৰ॥ ২১৫॥
পুড়ি ভস্ম কৰা তাৰ সকলে নগৰ।
তষু পিতা বানুক সুমৰা মহাবীৰ॥
লাঞ্জ পাতি থাকা বায়ু আনি দেওক চায়।
সেহি ভস্ম গাৱে দিয়া বধা দুৰাচাৰ॥ ২১৬॥
হেন আজ্ঞা শুনি হনুমন্ত মহাবল।
তেখনি চিন্তিলা ৰাম চৰণ যুগল॥
দশ ওণে বল ভৈল ৰাম সুমৰণে।
এক বল দিয়া উঠিলন্ত হনুমানে॥২১৭॥

[ ৪১ ]

পুনৰপি দুই হান্তৰ লাগিল সমৰ।
হনুমন্তে উপায় চিন্তিলা নিৰন্তৰ॥
ব্ৰহ্ম অগ্নি পাচে জ্বালিলন্ত লাঙ্গলত।
সোহ অগ্নি দিলন্ত দোলনি নগৰত॥ ২১৮॥
জ্বলিল অগনি মহা প্ৰচণ্ড প্ৰচুৰ।
দোলনি নগৰ কৰিনেই মসিমূৰ॥
ধন ধান্য সুবৰ্ণ যে মাণিক ভণ্ডাৰ।
লেখা জোখা নাই তাৰ ভণ্ডাৰে ভণ্ডাৰ॥ ২১৯॥
ৰত্ন ময় দেখি তাৰ দোলনি নগৰ।
পুড়ি ভস্ম কৰিলেক পৱন কুমাৰ॥
মনে মনে বায়ুক স্মৰন্ত বাৰম্বাৰ।
বহিবে লাগিলা ঘোৰ বায়ু চমৎকাৰ॥ ২২০॥
ধূলা আনি দিলা বায়ু গৰ্ভাসুৰ গাৱে।
লাঞ্জে মেঢ়াই ধৰিলন্ত হই সেহি টাৱে॥
সাত পাক আকাশত ফুৰান্ত ঘূৰাই।
ৰামৰ চৰণ তলে দিলন্ত পেলাই॥২২১॥
মহেশ্বৰ বৰে সিটো প্ৰাণে নমৰিল।
বক্ষস্থলে ভাগি তাৰ ৰুধিৰ বজাইল॥
শাপ দিলা ৰামে পাচে গৰ্ভ অসুৰক।
পক্ষীৰূপ হুয়া তই যাহ পৃথিবীক॥ ২২২॥
চাৰি বেদী মধ্যে তোক স্পৰ্শ নকৰিবে।
পৃথিবীৰ মব্যে চন্দ্ৰ সূৰ্য্য থাকে যাৱে॥
ভৰিৰে মৃত্তিকা খান আহাৰ খাইবি।
অহৰ্ম্নিশে লঙ্কা কৈত বুলি ডাক দিবি॥ ২২৩॥
অনন্তৰে যুদ্ধ জিনি পৱন-নন্দন।
শ্ৰীৰামৰ চৰণত কৰিলা বন্দন॥

[ ৪২ ]

নমো জয় জগজীৱ ৰাম হৃষিকেশ।
স্বৰ্গলোকে অনাদি মৰ্ত্ত্যত ৰঘুবেশ॥ ২২৪॥
জনম প্ৰভৃতি আজি বৰ দুখ পাইলোঁ।
তোমাৰ প্ৰসাদে আজি অসুৰ বধিলোঁ॥
কৰিল অনেক শুৱ পৱন-নন্দন।
কৰিলা প্ৰণাম পাছে ৰামৰ চৰণ॥ ২২৫॥
আশীৰ্ব্বাদ কৰি বোলে ৰাম যে লক্ষ্মণ।
তোমাৰ কাৰণে বাপ পাইলোঁ হে জীৱন॥
তোতপৰে আমাৰ সুহৃদ কোনো নাই।
সৰ্ব্বদায় ফুৰিবোঁ তোমাৰ গুণ গাই॥ ২২৬॥
হেনশুনি হনুমান আনন্দিত মন।
ৰাম লক্ষ্মণক লই কৰিলাঁ গমন॥
দুই দিনে সুবেলত উপস্থিত ভৈলা।
সৈন্য সৱে যেন পুনৰপি প্ৰাণ পাইলা॥ ২২৭॥
শুনা সৰ্ব্বজন ইটো ৰামায়ণ কথা।
হৰিৰ কীৰ্ত্তন জানি নকৰা অন্যথা॥
জানিবা কলিত ৰাম বিনে গতি নাই।
এতেকতে ৰাম ৰাম ঘুষিয়ো সদাই॥ ২২৮॥
নৰ মাত্ৰে জীৱনত আছে কোন কায।
ৰাম ৰাম বুলি বৈকুণ্ঠক হোৱা সাজ॥
শ্ৰীচন্দ্ৰ ভাৰতি ভণে এৰা আন কাম।
পাকত চালোক ডাকি বোল ৰাম ৰাম॥২২৯॥

সমাপ্ত।


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২২ চনত ১ জানুৱাৰী ১৯৬২ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )