পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৬ )


তুমিসে আয়ত্তা প্ৰভু কৰি অল্পকালে।
ৰাজ্য ভাৰ্য্যা দিলা বালী বধি অবিকলে॥
মোৰ শ্ৰেষ্ঠ ভ্ৰাতৃ বালী মহাবীৰ বৰে।
ৰাৱণক ধৰিয়া লৈলক কাখতলে।৷ ২৮।৷
দুই দণ্ড ভিতৰত সাতো যে সাগৰে।
স্নান কৰি ফুৰাইলন্ত অতি খৰোত্তৰে।৷
হেন মহা বলৱন্ত বীৰ বালী ৰাই।
তষু আগে ভৈল সিতো পতঙ্গ পরাই।৷ ২৯।৷
দুৰ্ঘোৰ কৰ্ম্মক প্ৰভু কৰা অপ্ৰয়াস।
আপোনাৰ কাৰ্য্যে প্ৰভূ ভৈলাহা নৈৰাশ।৷
বিভীষণ কান্দে আতি মহা দুখ শোকে।
কালি মাত্ৰ লঙ্কা কাৰ্য্য পঠাইলা আমাকে॥ ৩॥
ৰাক্ষসৰ মায়ায়ে কৰিলে অন্তৰ্হিত।
কোন কৰ্ম্ম কৰো আবে উতপাত চিত্ত।!
হনুমন্ত আদি কৰি যত বীৰবৰ।
ৰামৰ জিজ্ঞাসা সবে কৰিয়ো সত্বৰ॥ ৩১।৷
সব ৰাজা গণে বোলে বায়ুৰ কুমাৰ।
স্বৰ্গ মৰ্ত্য পাতাল তোমাৰ অগোচৰ।৷
রাম লক্ষ্মণক হৰি নিলে কোন জন।
সবাকো নিগ্ৰহি আনিয়োক এহিথান॥ ৩২॥
হেনশুনি হনুমন্তে মনত বিষাদ।
মকমকি ক্ৰন্দন কৰন্ত কপীৰাজ।৷
কৈকলাগি গৈল প্ৰভু ৰাম যে লক্ষণ।
তোমাক নেদেখি প্ৰভু নৰহে জীৱন॥৩৩।৷