পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৩১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৯ )

আৰে ৰহ কপিবুলি পাৰে দীৰ্ঘৰাৱ।
মোৰ স্বামী মাৰি তই কিসক পলাৱ॥
হেন শুনি হনুমন্তে পাছ লাগি চাইল।
বৃহদ ৰাক্ষসী খেদি আসন্তে দেখিল॥ ১৪৫॥
হেন দেখি হনুৰযে শংসয় মনত।
ৰামক বোলন্ত প্ৰভু নামা ইথানত॥
যুঝিবাক লাগে প্ৰভু আৰু পুনৰপি।
এহি বুলি সাবধান ভৈল পাচে কপি॥ ১৫৫॥
তেতিক্ষণে ৰাক্ষসী খেদিয়া আসি পাইল।
এহি সে বানৰে মোৰ স্বামীক মাৰিল॥
মই আজি শিৰচ্ছেদ কৰোহোঁ তাহোৰ।
এই বুলি ৰাক্ষসিনী চাপিল ওচৰ॥ ১৫৬॥
দুইহান্তৰ আন্দোল লাগিল জৰাজৰি।
তোলন্ত পাৰন্ত দুয়ো দুইহান্তক ধৰি॥
আছোৰ কামোৰ লাগিলেক হতাহতি।
খনো আগ হৱে খনো হোৱে পাচকতি॥১৫৭॥
হৃদয়ে হৃদয়ে মুখে মুখে তুণ্ডে তুণ্ডে।
নাশিকায়ে নাশিকায়ে কতোমূণ্ডে মুণ্ডে॥
উৰুৱে উৰুৱে হাতে হাতে পদে পদে।
দুয়োজনে এইমতে যুঝে নানা বন্ধে॥ ১৫৮॥
ভুকুয়ে মুকুটি প্ৰহাৰয় দন্ত ঘাৱে।
চৱৰ চৰ্পট ছোট লাঠি ভুকুপাৱে॥
অনেক প্ৰকাৰে দুয়ো কৰন্ত সমৰ।
ভঙ্গ জয় নাহিকয় দুতয় প্ৰহৰ॥ ১৫৯॥