ৰামৰ বচনে মৈৰাৱণ গৈল জ্বলি।
বাপ মাৱ ভৰ্ৎসিয়া ৰামক পাৰে গালি॥ ১২১॥
শুনৰে তপসী মই তোহোক বুজাওঁ।
এহিসে কাৰণে যমকৱলে পঠাওঁ॥
বেঙ্গৰ বচনে হৱে বাৰিষাৰ জল।
তোহোৰ বচনে আমি মৰিবোঁ সকল॥ ১২২।
হেন ঠান বাপতোৰ জান আপোনাক।
নাৰীৰ বচনে বনে পঠাইলেক তোক॥
ধ্যান কৰি সৰ্ব্বক্ষণে থাক দুই ভাই।
একনাৰী ৰাখিতে কিসক শক্যা নাই॥ ১২৩॥
ত্ৰৈলোক্যৰ ৰাজা মোৰ পিতা মহাবীৰ।
স্ত্ৰী চোৰ বুলি কেনে বান্ধিলি সাগৰ॥
কিসক কলমউ ফল খুৱালি সকল।
নষ্ট কৰালিহি সিটো সুশীতল জল॥ ১২৪॥
সি সবৰ ফলতোক ভুঞ্জাইবো এখন।
পুৰি ভস্ম কৰিলি নগৰ বিতোপন॥
ঝাণ্টে কৰি দেশ জানু বিলম্ব নকৰ।
এহি বুলি খড়্গহাতে লৈলেক পামৰ॥ ১২৫॥
শত কোটী আয়ু আছিলেক নৃপতিতে।
সমস্তে খণ্ডিল তাৰ খড়্গ উচ্ছাৰন্তে॥
নিমিষতে নাশ ভৈল চিত্ৰ গুপ্তহাতে।
পুনৰপি ৰামক যে মৈৰাৱণে মাতে॥ ১২৬॥
দেশ দেশ জানু ঝাণ্টে বোলে মৈবাৱণ।
গালি পাৰি ৰামক যে বোলন্ত বচন॥
পৃষ্ঠা:মহীৰাৱণ বধ.djvu/২৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৩ )