পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩১)

বজ্ৰময় লাঙ্গুলে মেঢ়াই ধৰি তাইক।
আকাশত তুলিয়া ফুৰাইলা সাতপাক॥
ফুৰন্তে ফুৰন্তে তাই ভৈল অচেতন।
আছাৰ মাৰিলা চিন্তিৰামৰ চৰণ॥ ১৬৬॥
ৰাক্ষসী মৰিল দেখি হনুৰ হাতত।
দেৱগণে পুষ্প বৃষ্টি কৰিলা শিৰত॥
সাধু সাধু হনুমন্ত পৱন তনয়।
দুৰ্ব্বাৰ ৰাক্ষসী পঠাইলাহা যমালয়॥ ১৬৭॥
অচেতন ভৈল মুখ বিকটা স্বভাব।
অৰ্দ্ধেক ৰাক্ষসী অৰ্দ্ধ নাগিনীৰ নয়॥
সৰ্পৰ নৃপতি কালী ৰাজাৰ জিয়াৰী।
ৰাৱণৰ বধু মৈৰাৱণৰ যে নাৰী॥১৬৮॥
ঢাকিয়া পড়িল তিনি প্ৰহৰৰ বাট।
কম্পিল পৃথিবী কতো দূৰে দিলা ফাট॥
থুলন্তৰ পেট গোট পৰ্ব্বত সমান।
দেখিলন্ত হনুমন্তে তাইৰ গৰ্ভ যেন॥ ২৬৯॥
পাছে হনুমন্তে দিলা লাঠীৰ প্ৰহাৰ।
কিনো আছে দুৰাচাৰি গৰ্ভত তোহোৰ॥
পাচে হনুমন্ত বীৰ পৱন নন্দন।
ৰাম লক্ষ্মণক লৈই কৰিলা গমন॥ ১৭০॥
কান্ধে চড়ি চলিযান্ত ৰাম চক্ৰপানী।
অনন্তৰে শুনিয়োক ৰাৱণ কাহিনী॥
লাল বীজ গাৱৰ সকলে বহি যাই।
উপজিল মহাবীৰ থুলন্তৰ কাই ॥১৭১॥