মৈৰাৱণ দুষ্টে যদি নিৱয় তোমাক।
আশংসিয়ো মোক বুলিবেক আপোনাক॥ ৮৫॥
নুবুলিবা পাপীষ্ঠক বচন কৈল্যাণ।
ভাল ছাৰি মন্দেশে বুলিবা বিদ্যমান॥
তযু বাক্যে হইবে তাৰ বধৰ সমান।
গোষ্টৰ সহিতে তোৰ দেশ হৌক ছন্ন॥ ৮৬॥
যদি দুষ্টে বোলে তই কৰ নমস্কাৰ।
বুলিবা সেৱন্ত মোক ব্ৰহ্মা হৰি হৰ॥
ইন্দ্ৰ চন্দ্ৰ আদি যত দশ দিগ পাল।
আমাকেসে সেৱা পূজা কৰে সৰ্ব্বকাল॥ ৮৭॥
এহি বুলি পপীষ্ঠক দিবা সমিধান।
কিঞ্চিতেকো নুবুলিবা কুশল বচন॥
নমো প্ৰভুৰাম বুলি কৰিলা গমন।
বেতাল চণ্ডীৰ আগে ভৈলা উপসন্ন॥ ৮৮॥
কৰ যোড় কৰি হনুমন্তে বোলে বাণী।
মাৱৰ ভগিনী হেৰা! প্ৰণামো গোসানি॥
দেখিয়া বেতাল চণ্ডী বুলিলা বচন।
কোঠেৰ বানৰ আসি আছ কি কাৰণ॥ ৮৯॥
হেন শুনি হনুমন্তে বোলে চালি গাৱ।
বাপ মোৰ পৱন অঞ্জনা মোৰ মাৱ॥
তযু নাম শুনি মাতৃ আইলো আশা কৰি।
যি কাৰ্য্যে আসিলোঁ সাধিয়োক শীঘ্ৰ কৰি॥ ৯০॥
শুনিয়া বেতাল চণ্ডী হৰিষ বদন।
বহিনী অঞ্জনা গৰ্ভে পৱন নন্দন॥
পৃষ্ঠা:মহীৰাৱণ বধ.djvu/১৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৭ )