পুনৰপি দুই হান্তৰ লাগিল সমৰ।
হনুমন্তে উপায় চিন্তিলা নিৰন্তৰ॥
ব্ৰহ্ম অগ্নি পাচে জ্বালিলন্ত লাঙ্গলত।
সোহ অগ্নি দিলন্ত দোলনি নগৰত॥ ২১৮॥
জ্বলিল অগনি মহা প্ৰচণ্ড প্ৰচুৰ।
দোলনি নগৰ কৰিনেই মসিমূৰ॥
ধন ধান্য সুবৰ্ণ যে মাণিক ভণ্ডাৰ।
লেখা জোখা নাই তাৰ ভণ্ডাৰে ভণ্ডাৰ॥ ২১৯॥
ৰত্ন ময় দেখি তাৰ দোলনি নগৰ।
পুড়ি ভস্ম কৰিলেক পৱন কুমাৰ॥
মনে মনে বায়ুক স্মৰন্ত বাৰম্বাৰ।
বহিবে লাগিলা ঘোৰ বায়ু চমৎকাৰ॥ ২২০॥
ধূলা আনি দিলা বায়ু গৰ্ভাসুৰ গাৱে।
লাঞ্জে মেঢ়াই ধৰিলন্ত হই সেহি টাৱে॥
সাত পাক আকাশত ফুৰান্ত ঘূৰাই।
ৰামৰ চৰণ তলে দিলন্ত পেলাই॥২২১॥
মহেশ্বৰ বৰে সিটো প্ৰাণে নমৰিল।
বক্ষস্থলে ভাগি তাৰ ৰুধিৰ বজাইল॥
শাপ দিলা ৰামে পাচে গৰ্ভ অসুৰক।
পক্ষীৰূপ হুয়া তই যাহ পৃথিবীক॥ ২২২॥
চাৰি বেদী মধ্যে তোক স্পৰ্শ নকৰিবে।
পৃথিবীৰ মব্যে চন্দ্ৰ সূৰ্য্য থাকে যাৱে॥
ভৰিৰে মৃত্তিকা খান আহাৰ খাইবি।
অহৰ্ম্নিশে লঙ্কা কৈত বুলি ডাক দিবি॥ ২২৩॥
অনন্তৰে যুদ্ধ জিনি পৱন-নন্দন।
শ্ৰীৰামৰ চৰণত কৰিলা বন্দন॥
পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৪৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪১ )