পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩০)

আত অনন্তৰে পাছে বীৰ হনুমন্ত।
আপোনাৰ বলক্ষীণ জানিল মনত॥
তথাপি যুঝন্ত বীৰ নটলে শৰীৰ।
ৰাক্ষসিনী জয় বলে ক্ষীণ কপিবৰ॥ ১৬০।
আন্দোলেক দিয়া পড়িলেক মহীতলে।
উফৰি পৰিল হনু তাইৰ পয়োভৰে॥
হনুৰ বুকত উঠি ঝঙ্কাৰে প্ৰচণ্ড।
পৃথিবী কম্পিল মেঘ ভৈল খণ্ড খণ্ড॥১৬১॥
সপ্তযে সাগৰ খলকিল নিৰন্তৰ।
স্বৰ্গতে বিস্ময় ভৈল সব দেৱতাৰ॥
চন্দ্ৰ সূৰ্য্য গ্ৰহ বায়ু অগ্নি যে বৰুণ।
মৰ্ত্যৰ মনুষ্য পাতালত নাগগণ॥ ১৬২॥
হাঁহাঁকাৰ শবদ কৰন্ত দেৱগণ।
মৰণ সমান ভৈল পৱন নন্দন॥
আসকত হেন দেখি বুলিলা ৰাক্ষলী।
আবেসে পঠাইবোঁ তোক যমঘৰে পেশি॥ ১৬৩॥
কোনদেৱ আছে তোৰ সত্বৰে সুমৰ।
অৱশ্যেকে তোহোক পঠাইবোঁ যমঘৰ॥
হেন শুনি হনুমন্তে সুমৰিলা মনে।
ৰাম বিনে কোনদেৱ আছে ত্ৰিভুবনে॥ ১৬৪॥
ৰামৰ চৰণে নমিলন্ত বাৰে বাৰ।
অনন্তৰে প্ৰণামিলা লক্ষ্মণ কুমাৰ॥
অষ্ট গুণে বল ভৈল হনুৰ শৰীৰে।
আঙ্গুল বঢ়াইলা পাছে হনুমন্তবীৰে॥ ১৬৫॥