পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৫ )


একোৱে ছিদ্ৰক নপাৰয় দুৰাচাৰ।
পাচে নিদ্ৰা যাইবাক কৰিলন্ত সাৰ॥
নিদ্ৰা বাণে সবাকে কৰিল অচেতন।
সিবেলাত জগি নাথাকিল একোজন॥ ২১॥
দুতয় প্ৰহৰ গৈল শেষ নিশা ভৈল।
ৰাম লক্ষণক বীৰে বন্দি কৰি থৈলা॥
নাগ পাশে বান্ধি লৈয়া গৈলা নিজ ঘৰে।
শুনিয়োক কথা যেন ভৈল আত পৰে॥ ২৩॥
অনন্তৰে ভৈল আসি ৰজনী প্ৰসন্ন।
চেতন লভিল সবে পাত্ৰ মন্ত্ৰীগণ॥
সবেয়ো আছন্ত নাহি ৰাম যে লক্ষ্মণ।
হেন দেখি সবাৰো ব্যাকুল ভৈলামন॥ ২৪॥
সবেও বোলন্ত কিনো ভৈল বিপৰীত।
নাহিকন্ত দুয়ো ভাই কহিক গৈলন্ত॥
হা! ৰাম ৰাম বুলি সবেও কান্দন্ত।
কমনে হৰাইলা প্ৰভু কৈক বা গৈলন্ত॥ ২৫॥
ষাঠী লক্ষ ৰাজা কোটী লক্ষ প্ৰজাগণ।
সবাকে তেজিয়া প্ৰভু গৈলা কোনথান
দণ্ড ছত্ৰ ধৰিয়াছোঁ সেবি সৰ্ব্বক্ষণে।
কৈতনো লুকাই প্ৰভু আছাহা আপুনে॥ ২৬ p
সুগ্ৰীৱ নৃপতি কান্দে মহা শোকে পৰি।
ৰামৰ বৰ্ণায়া গুণ সুমৰি সুমৰি॥
আপুনি সৰ্বজ্ঞ তুমি জগত ঈশ্বৰ।
আপোনাৰ কাৰ্য্যে কেনে ভৈলা অথন্তৰ॥ ২৭