সমললৈ যাওক

পৃষ্ঠা:মহীৰাৱণ বধ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২০ )

নানা অলঙ্কাৰ গাৱে কৰি আভৰণ।
বিচিত্ৰ কুণ্ডল হাৰ কেয়ূৰ কঙ্কণ॥ ১০৩॥
হনুমন্ত দেবী বোলে কৈৰ ৰক্ষীগণ।
ঝাণ্টে গৈয়া কহ যৈত আছে মৈৰাৱণ॥
আজিসে দিবাক লাগে যত ছাগ বলী।
ঘৃত লাড়ু পায়স যতেক আনো বলী॥ ১০৪॥
হেন শুনি তেখনে চলিলা ৰক্ষীগণ।
ৰাজাৰ আগত কৈলা দেবীৰ বচন॥
শুনি মৈৰাৱণ আসিলন্ত শীঘ্ৰ কৰি।
আগতে আনিলা সবে দ্ৰব্য ভৰি পুৰি॥ ১০৫॥
দধি ঘৃত পায়স যে দুগ্ধ চেনি মিষ্ট।
ইক্ষু আখৈ কদলি শৰ্ক্কৰা দিব্য মিষ্ট॥
আগত থৈলন্ত নিয়া নমস্কাৰ কৰি।
আনোযত সম্ভাৰ থৈলন্ত সাৰি সাৰি॥১০৬॥
দেবীৰূপ হুনুমন্তে বোলন্ত নৃপতি'।
যি কিছু আনিছা পূজা কৰিয়ো সম্প্ৰতি॥
আজি শুভক্ষণে পূজা কৰা সাৱধানে।
ৰাম লক্ষ্মণক আনিয়োক বিদ্যমানে॥ ১০৭॥
ঘৃত লাডু পায়স সকলে ভুঞ্জিলন্ত।
দেখিয়া ৰাজাৰ মহা আনন্দ মনত॥
প্ৰত্যেকে গোসনী দেবী আপুনি ভুঞ্জন্ত।
এহি বুলি তেতিক্ষণে পাঞ্চিলন্ত দূত॥১০৮॥
আপুনি খোজন্ত দেবী কিনো অদভুত।
আজি দেখোঁ গোসানী আপুনি ভুঞ্জিলন্ত॥