দুই বাহু মেলিয়া ধৰিলা আঙ্কোৱালি।
মহাবীৰ গৰ্ভাসুৰ পৰিলা পিচলি॥
পুনৰপি মুষ্ঠি বৈসাইলেক মহাবীৰ।
হৃদিফুটি ৰুধিৰ বহয় ৰাক্ষসৰ॥ ১৮৪॥
ভৰি ভৰি চান্দি তাক পেলাই আছাড়ি।
পৰ্ব্বত আকাৰে গৰ্ভাসুৰ গৈল পড়ি॥
ক্ৰোধিলন্ত হনুমন্তে মনত অতুষ্টি।
গাৱৰ সন্ধানে বৈসাইলন্ত বজ্ৰমুষ্টি॥ ১৮৫॥
দাৰুণ প্ৰহাৰ পায়া বীৰ গৰ্ভাসুৰ।
মূৰ্চ্ছাগৈল নাকে মুখে বঝাৱে ৰুধিৰ॥
পুনৰপি মুষ্ঠি বৈসাইলেক মহাকাই।
বিষম চৰ্পটদিলা কহন নযাই॥১৮৬॥
লোম গাছো নলৰিল হনুমন্তৰাই।
পুনৰপি যুঝে দুয়ো ব্যথিত যে কাই॥
মুষ্টি বৰ টান পায়া বীৰ গৰ্ভাসুৰ।
হনুৰ গাৱত মুঠি বৈসাইলন্ত বৰ॥ ১৮৭॥
তিৰিমিৰি দেখি অতি অন্ধকাৰময়।
মহাবিমুৰ্চ্ছিত ভৈলা বিকম্প পৰাই॥
চিত্ত দৃঢ় কৰি পাছে হনুমহাবীৰ।
চৱৰ চৰ্পট চোট দিল বহুতৰ॥ ১৮৮॥
কিঞ্চিতেকো নগণিলা বীৰ গৰ্ভাসুৰ।
হনুমন্তে বোলে কিনো দুৰ্জ্জয় অসুৰ॥
চণ্ড বন্ধ কৰিয়া যুঝিলে বাৰম্বাৰ।
ইহাৰ সমান বীৰ নুহুইবেক আৰ॥ ১৮৯॥
পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৩৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৪)