পৃষ্ঠা:মহীৰাৱণ বধ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২২)

জলত নামিয়া বুলিলন্ত চক্ৰ পাণী।
চন্দ্ৰ সূৰ্য্য বায়ু সাক্ষী হুইবাহা আপুনি॥ ১১৫॥
পাশীষ্ঠৰ হেতু আমি যাইবো যমস্থান।
এহি বুলি প্ৰভুৰামে কৰিলন্ত ধ্যান॥
অনন্তৰে দুইয়ো কৰিলন্ত নিত্য কৰ্ম্ম।
স্নান তৰ্পণ বিধি ব্যৱহাৰ ধৰ্ম্ম॥১১৬ ॥
নিয়ম সংযম কৰি উঠিলা তৰত।
অনন্তৰে মৈৰাৱণে বুলিলা সাক্ষাত॥
শুনিয়োক বোলোঁ মই তপসী দুজন।
যতেক আছয় মোৰ শত মাতৃগণ॥১১৭॥
কৈল্যাণে থাকোহোঁ মই ৰাজা মৈৰাৱণ।
দোলনী নগৰ মোৰ অতি বিতোপন॥
কৈল্যাণে থাকোক মোৰ পটেশ্বৰীগণ।
আদ-পঞ্চ-শত পুত্ৰ হৌক উতপন্ন॥ ১১৮॥
হেন শুনি ৰাম দেৱ দিলন্ত উত্তৰ।
যতেক সংসাৰ ইটো আছে চৰাচৰ॥
তোৰ পিতৃ লঙ্কেশ্বৰ ৰাজা মহাবীৰ।
মোহোৰ হাতত তাৰ ছেদ হৌক শিৰ॥ ১১৯॥
তোৰ মাৱ মন্দোদৰী সমে ৰাণ্ডি হৌক।
লক্ষ্মণৰ শৰে ইন্দ্ৰজিত যে মৰোক॥
তাহান ঘবণী হত হৌক শত নাৰী।
গৰ্ভৰ ছৱাল হই যাওক মৰি মৰি॥ ১২০॥
দোলনী নগৰ তোৰ পূৰিহৌক ছন্ন।
নিষ্টে নিষ্টে তোক মই বুলিলোঁ বচন॥