(২)
বেতাল চণ্ডিক পূজা কৰে অহৰ্ণিশে।
স্মৰণ কৰিলে আসিবেক মোৰ পাশে॥
মনে চিন্তা কৰে পাচে পুত্ৰ মৈৰাৱণ।
এবাৰ আপদে মোক হেৰা! কৰা ত্ৰাণ॥ ৪॥
মৈৰাৱণ ৰাক্ষসৰ স্পন্দয় শৰীৰ।
জানিলা পিতৃ সে মোক কৰন্ত বিচাৰ॥
কিবা দুৰ্ঘটনা আবে হৈয়াছে লঙ্কাত।
অৱশ্য যাইবে লাগে পিতাৰ সাক্ষাত॥৫॥
মায়াবী ৰাক্ষস অতি মায়াৰ সাগৰ।
নিমিষেকে পাইল গৈয়া পিতৃৰ নগৰ॥
দেখিলেক পিতৃ অতি বিষাদিত মন।
প্ৰণাম কৰিয়া কথা শোধে মৈৰাৱণ॥ ৬॥
এত মান শোক কৰা কিসৰ কাৰণ।
কোন কাৰ্য্য সাধি দিবোঁ কহা এতিক্ষণ।
ৰাৱণ বদতি কথা শুনা মৈৰাৱণ।
নৰ বানৰৰ হাতে সংশয় জীবন॥ ৭॥
পূৰ্ব্বৰ কাহিনী মানে যতেক কহিলা।
শুনি মৈৰাৱণে পাচে বচন বুলিলা॥
মনুষ্যক লাগি এত চিন্তা কৰা কেন।
একেশ্বৰে সসাগৰা জিনিলা ৰাজন॥ ৮॥
তপসি দোভাইক লাগি কেনে কৰা ভয়।
উপায় কৰিয়া তাক বধিবোহোঁ ময়॥
নিদ্ৰাবাণে সবাকে কৰিবো অচেতন।
নাগপাশ মাৰি দুইকো কৰিবো বন্ধন॥ ৯॥