অযোধ্যাৰ পাত্ৰ মন্ত্ৰীলোকে সবে বাট চাহি আছে তোকে
সমস্ত প্ৰজাৰ আমি সে জীৱন প্ৰাণ॥
মাতৃ ভ্ৰাতৃ ভৰতেয়ো মোকে, সবে বাট চাহি আছে শোকে
দণ্ডে যুগ যাই নেদেখি নৰহে প্ৰাণ॥ ১৩২॥
সুবেলগিৰিত বাট চাই, নৱলক্ষ ৰাজা আছেৰৈই
ষাঠী লক্ষ পাত্ৰ কোটী লক্ষ সেনগণ॥
হৰি হৰি বিধি হেন কৈলা, পাতাল পুৰত নিবন্ধিলা
মৈৰাৱণ হাতে কৰাইলা আনি মৰণ॥ ১৩৩॥
ৰাজভোগ আশা গৈলদূৰ, সবে পৰাক্ৰম ভৈলচুৰ
দুৰাচাৰ পাপী কৰিলে হেন অৱস্থা॥
অস্ত্ৰ সস্ত্ৰ হস্তে কিছু নাই, সবে বলবীৰ্য্য ভৈলঠাই
দাৰুণ বিধাতা কি কহিবোঁ তোৰ কথা॥ ১৩৪॥
বায়ুসুত হনুমন্তবীৰ, তাহান কথাক নপাওঁথিৰ
মৈৰাৱণ পাপী কৈত বা মাৰিলে তাক॥
লক্ষ্মণে বোলন্ত প্ৰাণ নাথ, কোটী কোটী ব্ৰহ্মাণ্ডৰ নাথ
হুয়া কেনে প্ৰভু কিসক ভাণ্ডা আমাক॥ ১৩৫॥
তযু কটাক্ষত ত্ৰিভুবন, ছন্ন কৰিবাক এতিক্ষণ
পাবা প্ৰভু কোন বস্তু ইটো মৈৰাৱণ॥
ব্ৰহ্ম জ্ঞান চিন্তি ধৈৰ্য্যধৰি, ইটো পাপীষ্টক ঝান্তকৰি
যোগবলে প্ৰভু ভস্মকৰা এতিক্ষণ॥ ১৩৬॥
যদি হনুমন্ত মৰিলেক, তাকো এতক্ষণে জিয়ায়োক
তেবে প্ৰভু তযু ক্ষাতি ৰৈবে ত্ৰৈলোক্যত॥
হেন শুনি ৰাম ভগৱান, মহা ধৈৰ্য্যধৰি তাৱক্ষণ
মহা যোগবলে থিৰ কৰিলন্ত চিত্ত॥ ১৩৭॥
৩