লক্ষ্মণে বোলন্ত দদা কিসক সুমৰি।
বিধিয়ে কপালে লিখিলেক কেন কৰি॥৭৯॥
শুনি হনুমন্তে চিত্ত ধৰণ নাযাই।
ৰামৰ কৰ্ণত কথা সম্ভেদ বুঝাই॥
শুনিয়োক প্ৰভুৰাম দেৱ হৃষিকেশ।
মই হনুমন্ত আসি ভৈলোহোঁ প্ৰবেশ॥ ৮০॥
নকৰিবা কষ্টমন প্ৰভু গদাধৰ।
পাপীষ্টক অৱশ্যে পেসিবো যম ঘৰ॥
আপুনি ঈশ্বৰ হুই কেনে কৰা ভয।
আপুনি সৰ্ব্বজ্ঞ প্ৰভূ ত্যজিয়ো সংশয়॥ ৮১॥
বেতাল চণ্ডীয়ো হৱে মাৱৰ ভগিনী।
তাহাৰ পাশক মই চলোহোঁ আপুনি॥
তাহান আগত মই মাগো প্ৰথমতে।
কিঞ্চিতো সংশয় প্ৰভু নকৰা মনতে॥ ৮২॥
সুখে যেবে নেদে তেবে মাগিবো তোমাক।
তাহাৰ উচিত ফল দিবোহোঁ তাহাক॥
বচনে পাৰিলে তেবে দ্বন্দে কোন কাৰ্য্য।
আপোনাৰ কাৰ্য্য সাধি পাচে পাওঁ লাজ॥৮৩॥
ৰাম কাৰ্য্য সাধো আবে মোৰ দোষ নাই।
ক্ষণিতেক এহিথানে ৰহিয়ো গোঁসাই॥
সবে কাৰ্য্য সাধিবাক পাৰোঁ বাহুবলে।
উপায়েসে সিজে কাৰ্য্য জানিবা সকলে॥ ৮৪॥
আৰু এক বচন শুনিয়ো অনুপাম।
হুতাশে পীড়িত প্ৰভূ হুইবাহা পৰম॥
পৃষ্ঠা:মহীৰাৱণ বধ.djvu/১৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৬)