পৃষ্ঠা:মহীৰাৱণ বধ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৯)

এহি বুলি হনুমন্তে আগবাঢ়ি গৈল।
পক্ষীক ধৰিয়া ঘাড় মুছৰিয়া থৈলা॥
এক খণ্ড মাটি দিলা তাহাৰ উপৰে।
বাহু দুই ভাঙ্গো যেবে ইটো পক্ষীমৰে॥৪৬॥
স্ত্ৰীৰ সঙ্গত যাৰ ভৈল আশকতি।
তাৰ জানা নুহিবেক কমন বিপত্তি॥
হেন জানি বুদ্ধজন হুয়ো বিৰকতি।
এহি হেতু-তেসেৰাম ত্ৰিজগত পতি॥৪৭॥
নাহি তান ভাৰ্য্যা পুত্ৰ সংযোগ বিয়োগ।
নাহি তান শোকমোহ বিষয়ৰ ভোগ॥
হেন জানি বুদ্ধজনে ছাড়ি আন মতি।
ৰাম ৰাম বুলি চলা বৈকুণ্ঠ সম্প্ৰতি॥ ৪৮॥

দুলৰি।

পাচে হনুমন্তে   গুণন্ত মনতে,
 আবে কোন ভিতি যাওঁ।
অযোধ্যা ৰঞ্জন,  ৰাম যে লক্ষণ,
 কোন থানে দেখা পাওঁ॥
হাঁ! ৰাম দেৱ,   কৌশল্যা তনয়,
 সুমিত্ৰা সুত লখাই।
অঞ্জনা নন্দনে,  তোমাকে সে মাতো
 কৈত আছা দুই ভাই॥৪৯॥