হৰি হৰি দৈৱ বিধি কিনো ভৈল মোৰ।
দুৰাচাৰ হাতে মই যাওঁ যমপুৰ॥ ২০৫॥
বিস্তৰ শিলাক আনি বান্ধিলো সেতুক।
লঙ্কাত ৰাক্ষস সেনা বধিলো অনেক॥
ৰাৱণৰ তনয়ক কৰিলো সংহাৰ।
দুৰাচাৰ হাতে মই যাওঁ যমদ্বাৰ॥ ২০৬॥
আউৰ নেদেখিবোঁ প্ৰভু সংসাৰৰ সুখ।
জনম প্ৰভৃতি আজি পাইলোঁ বৰ দুখ॥
হৰি হৰি ৰাম কাৰ্য্য সাধিবে নপাইলোঁ।
দুৰাচাৰ হাতে মোৰ পৰাণে মাৰিলোঁ॥ ২৭॥
হেন শুনি শ্ৰীৰামে বোলন্ত হনুমান।
দ্বাৰসব নিবন্ধিয়া কৰিয়োক ধ্যান॥
আন্দোল কৰিয়া বল দিয়া এতিক্ষণ।
দুষ্ট গৰ্ভাসুৰ বাজ হুইব তেতিক্ষণ॥২০৮॥
ৰামৰ বচনে দ্বাৰ সব নিবোধিলা।
বাপ মাৱ সুমৰিয়া এক বল দিলা॥
ৰাজ ভৈল গৰ্ভাসুৰ অতি ভয়ঙ্কৰ।
পুনৰপি দুইৰো বৰ লাগিল সমৰ॥২০৯॥
মহাবীৰ গৰ্ভাসুৰ তেখনে এৰাই।
পিচলি পৰিল তাক ধৰণ নযাই॥
এতহন্তে গৰ্ভাসুৰ দুৰ্জ্জয় শৰীৰ।
বাপ মাৱ শোকে তাৰ চিত্ত নোহে থিৰ॥ ২১০॥
পুনু যুঝিলন্ত হনুনন্ত ভৈল তল।
ওপৰ ভৈলে গৰ্ভাসুৰ মহাবল॥
পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৪১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৯)