পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰামায় ৰামচন্দ্ৰায় ৰামভদ্ৰায় বেধসে।
ৰঘূনাথায় নাথায় সীতায়া প্ৰতয়ে নমঃ॥

মহীৰাৱণ বধ।

পদ।

জয় জগ জীৱ ৰঘুনাথ দয়াময়।
তযু নাম স্মৰণে পাতক হয় ক্ষয়॥
শুনিয়োক সভাসদ ৰামায়ণ পদ।
ইহাঙ্ক শুনিলে নৰে এৰায় আপদ॥১॥
মৈৰাৱণ বধ ইতো কথা মধ্যে সাৰ।
আক শুনি তৰা সুখে দুৰ্ঘোৰ সংসাৰ॥
এহিমতে বিষাদিত আছে লঙ্কেশ্বৰ।
কোনে কৰিবেক মোক আপদে উদ্ধাৰ॥২॥
সবংশে মৰিলোঁ মই ৰাঘৱৰ হাতে।
কোনেনো ৰাখিবে মোক দুৰ্ঘোৰ সঙ্কটে॥
ভাবিয়া চিন্তিয়া পাচে পাইলন্ত মনত।
মহিনামে পুত্ৰ মোৰ আছে পাতালত॥৩॥