পৃষ্ঠা:মহীৰাৱণ বধ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)

হনুমন্তে বোলে যদি যাওঁ এহিমতে।
হুইবেক বেকত মোক চিনিব সমস্তে॥৫৫॥
ৰামকো নপাইবো মোৰ কি হৈবে বিলাই।
মনে গুণি হনুমন্তে চিন্তিল উপাই॥
পাচে হনু ভৈল বৃদ্ধ ব্ৰাহ্মণৰ বেশ।
কোটোৰা কুটুৰি আখিঁ পকি গৈল কেশ॥ ৫৬॥
হাতত লাখুটি ধৰি ধীৰে ধীৰে যান্ত।
কান্ধত খুখুৰা ছাতী গদ গদ মাত॥
ব্ৰাহ্মণৰ বেশ ধৰি ধীৰে ধীৰে যান্ত।
পাচে মালিনীৰ এক গৃহক পাইলন্ত॥৫৭॥
আগতে বসিয়া তাইক আশংসা কৰিলা।
মালিনী বোলন্ত গুৰু কিসক আসিলা॥
ব্ৰাহ্মণে বোলন্ত তোৰ মুকুতি মিলোক।
যদি আছে ফল মূল আমাক দিয়োক॥ ৫৮॥
মালিনী বোলয় গুৰু কিবস্তু লাগয়।
ৰন্ধন ভোজন বস্তু সকলে আছয়॥
বিপ্ৰে বোলে ৰন্ধনৰ নুহিকও বেলা॥
ফলাহাৰ ৰস্তু আদি দিয়ো দধিকলা॥ ৫৯॥
হেনশুনি মালিনী অনেক সাৱধানে।
দধি চিৰা দিলে অনেক ভক্তিমানে॥
বায়ূসুত হনুমন্তে ফলক ভুঞ্জন্ত।
কল খাই বাকলিকো ভোজন কৰন্ত॥৬০॥
হেন দেখি মালিনীৰ মনত বিস্ময়।
অনিয়মে কল কেনে ভোজন কৰয়॥