কান্ধত কৰিয়া হনুমন্তে লৈয়াযাই।
তাৰপটেশ্বৰী আগে জনাইলন্ত গৈই॥
শুনি পটেশ্বৰি ৰঙ্গে বুলিলা বচন।
কেতিয়া আসিব মোৰ ৰাজা মৈৰাৱণ॥১৪৮॥
ভালেকি দিলন্ত বলি তপসী দোভাই।
ভালে পূজা লৈলন্ত বেতালচণ্ডী আই।॥
সত্বৰে কহিয়ো কথা খেদ কৰে মন।
ৰাজাক লাগিয়া মই ৰান্ধি আছো অন্ন॥ ১৪৯॥
বেতালচণ্ডীৰ বৰ লৈয়া এতিক্ষণে।
ভোজন কৰিব মহা আনন্দিত মনে॥
হেন শুনি কহিলেক কথা যথাবৃত।
কৈবাক নপাৰি কথা অতি বিপৰীত॥ ১৫০॥
দধি দুগ্ধ ঘৃত মধু নৈবিদ্য কদল।
ৰাজাৰ আগতে দেবী ভুঞ্জিলে সকল॥
হেন দেখি ৰাজা পাছে তপসীক নিল।
তপসীৰ গাৱে পৰি খড়্গ ভাগি গৈল॥ ১৫১॥
পুনু আন খড়্গ থৈয়া ৰাজা প্ৰণামিলা।
সেহি অস্ত্ৰ ধৰি দেৱী ৰাজাক কাটিলা॥
তেখনে গোসানি দেবী অদৃশ্য, ভৈলন্ত।
এগোটা বানৰে আসি ৰামক নিলন্ত॥ ১৫২॥
দুই বাহু মেলিলা কান্ধত লৈয়াযাই।
হেন দেখি জনাইবাক আইলোঁ তযুঠাই॥
হেন শুনি পটেশ্বৰী বিপৰীত কথা।
লৱৰি খেদিয়া গৈলা হনু আছে যথা॥ ১৫৩॥
পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৩০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৮)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/a/a9/%E0%A6%AE%E0%A6%B9%E0%A7%80%E0%A7%B0%E0%A6%BE%E0%A7%B1%E0%A6%A3_%E0%A6%AC%E0%A6%A7.djvu/page30-952px-%E0%A6%AE%E0%A6%B9%E0%A7%80%E0%A7%B0%E0%A6%BE%E0%A7%B1%E0%A6%A3_%E0%A6%AC%E0%A6%A7.djvu.jpg)