পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদ।

 অনন্তৰে মৈৰাৱণ তনয় দুৰ্জ্জয়
আপুনি জীবাৰ মনে উপায় চিন্তয়॥
দুয়ো পৰাক্ৰমী ৰণে একে সমশৰ।
নিৰ্ভয় স্বৰূপে আক পেশোঁ যমঘৰ॥ ২০০॥
আক একো প্ৰকাৰে যে বধিবে নপাৰোঁ॥
গৰ্ভৰ ভিতৰ পশি ঝাণ্টে কৰি মাৰোঁ॥
এহি বুলি তেতিক্ষণে ৰাৱণ তনয়।
মায়া কৰি ভৈল সিটো ভ্ৰমৰৰ নয়॥ ২০১১॥
পৱন সঞ্চাৰে বীৰ নাথাকিল ৰৈই।
গৰ্ভৰ ভিতৰ পশি আলোচ কৰই॥
আন্দোল কৰহোঁ বৰ হনুৰ গৰ্ভত।
আন্ত চিণ্ডি থাওঁ মই পাৰোমানে যত॥২০২॥
গৰ্ভৰ ভিতৰে ইটো সুকোমল থান।
দুৰাচাৰ গৰ্ব্বানুৰে কৰে বৰ টান॥
পৱন তনয় হনুমন্ত মহাবীৰ।
অতি মহা পীড়া পাই দুৰ্জ্জয় শৰীৰ॥ ২০৩॥
আচাৰ পিচাৰ কৰে হনুমন্ত ৰাই।
কামোৰয় বৰ টানে সহন নযাই॥
চক্ৰাকাৰে ফুৰে হনুৰ গুহ্যৰ ভিতৰে।
অধিকে বেদনা কৰে গৰ্ভৰ ভিতৰে॥২০৪।
নিকশত ভৈল বড় পৱনৰ সুত।
বিলাপ কৰন্ত হনুমন্তে অদভুত॥