অনন্তৰে সুমৰিলা বায়ু মহাবল।
অঞ্জনাৰ সুমৰিলা চৰণ যুগল॥ ৯৭॥
পূৰ্ব্বত কৰিয়া অষ্ট গুণে তেজ ভৈলা।
সাক্ষী কৰিবাক পাচে হনুমন্তে লৈলা॥
বায়ূ বৰুণ অগ্নি বসুমতী আই।
সাক্ষী হুইবা চন্দ্ৰ সূৰ্য্য তোৰা দুই ভাই॥ ৯৮৮॥
মাসী আইক মাৰো যেবে মোত দোষ নাই।
অৱশ্যে প্ৰভুৰ কাৰ্য্য সাধিবে লাগই॥
ৰামৰ চৰণ মনে প্ৰণাম কৰিলা।
বেতাল চণ্ডীক লাঞ্জে মেঢ়াই ধৰিলা॥ ৯৯॥
মাথাৰ উপৰে ফুৰাইলেক সাত পাক।
তমোময় অন্ধকাৰ দেখাইলা দেবীক॥
মৰে মৰো কৰিয়া বেতাল চণ্ডী বোলে।
ৰাম লক্ষ্মণক বাপু তেজিলো সকলে॥ ১০০॥
নমাৰ নমাৰ মোক বাপ হনুমান।
ৰামত শৰণ লৈলোঁ ৰাখা মোৰ প্ৰাণ॥
ইজন্মত আজি মই পাইলো বড় দুখ।
আৰ নেদেখিবোঁ ইতো সংসাৰৰ সুখ॥ ১০১॥
ফুৰান্তে ফুৰান্তে শ্ৰুতি চেতন হৰিল।
শতেক যোজন পথে আছাৰি পেলাই॥
মুণ্ড গোট চিণ্ডি তাই গৈল অচেতন।
পাচে হনুমন্ত আসনত উপসন॥ ১০২॥
খাটৰ উপৰে বসিলন্ত হনু বীৰ।
বিচিত্ৰ কন্যাৰ বেশ ভৈলন্ত শৰীৰ॥
পৃষ্ঠা:মহীৰাৱণ বধ.djvu/২১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৯)