পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৩

মুষ্টিৰ প্ৰহাৰে নকম্পিত হনুৰ্বীৰ।
হেন দেখি গৰ্ভাসুৰ নসহে শৰীৰ॥
পুনৰপি মুষ্টি হানিলন্ত দৃঢ়ত্তৰ।
তমোময় দেখি পড়িলন্ত কপীবৰ॥ ১৭৮॥
হনুরে তাহাক তাড়িলন্ত নিৰন্তৰে।
মহাবীৰ গৰ্ভাসুৰে কটাক্ষো নকৰে॥
পাচে দুই হাতে চাপি হনুয়ে ধৰিলা।
মহাবীৰ গৰ্ভাসুৰ পিচলি পড়িলা॥১৭৯॥
তাহাৰ হিয়াত মুষ্ঠি কৰিলা প্ৰহাৰ।
হৃদয় ফুটিয়া বাজভৈলা তেজধাৰ॥
পাইলেক বিষম চোট কম্পমানকাই।
অতি বিমোহিত দুষ্ট ভৈল মৃত প্ৰায়॥ ১৮০॥
পুনৰপি চেতন লভিলা মহাবীৰ।
শন্ধুকিয়া কতোক্ষণে চিত্ত কৰি স্থিৰ॥
মুষ্ঠি বৈসাইলেক পাচে হনুৰ শৰীৰে।
কুম্ভ স্থল ভাগি তেজবহে ধাৰেসাৰে॥ ১৮১॥
মহাকোপে দিলা তাক মুষ্ঠিৰ প্ৰহাৰ।
দুৰ্ব্বাৰ ৰাক্ষস যে কটাক্ষে নাহি তাৰ॥
দেখি গৰ্ভাসুৰৰ যে নসহে শৰীৰ।
পুনৰপি মুষ্ঠি বৈসাইলেক মহাবীৰ॥ ১৮২॥
দাৰুণ প্ৰহাৰ পাইয়া বীৰ হনুমন্তে।
কম্পি মুৰ্চ্চা যাই পৰি থাকিল কেঙ্কান্তে॥
পুনু উঠি মুষ্ঠি বৈসাইলেক বক্ষস্থলে।
হিয়া চুৰ্ণ হুয়া তেজ বহয় বোম্বালে॥ ১৮৩॥