পৃষ্ঠা:মহীৰাৱণ বধ.djvu/২৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২১)

আজিসে লইবে পূজা বাজা বুলিলন্ত।
সন্তুষ্ট ভৈলন্ত দেবী আমাত অত্যন্ত॥ ১০৯॥
ৰাম লক্ষ্মণক নাগপাশে বান্ধি আছে।
মন্ত্ৰ পঢ়ি নাগ পাশ মেলিলন্ত পাচে।
ৰাম লক্ষ্মণক লৈই চলিল সত্বৰে।
হেন দেখি নগৰৰ লোক নিৰন্তৰে॥ ১১০॥
তেলি মালি আদি কৰি পসাৰী সমাৰী।
আনো যত নগৰত আছে নৰ নাৰী।
দূতগণে নেই ৰাম লক্ষ্মণ দোভাই।
সকলে নগৰী লোক লৱড়ন্তে যাই॥ ১১১॥
শ্ৰীৰাম বোলন্ত বাপ ভৈয়াই লক্ষ্মণ।
হৰি হৰি এভো নাসিলন্ত হনুমান।
তেহোঁ নতু আসন্তে হৰাই ইটো প্ৰাণ।
লক্ষ্মণে বোলন্ত দদা কিসৰ ধীয়ান॥১১২॥
ভগৱন্তে আমাৰ মিলাইল মহাদুখ।
আওৰ নেদেখিবোঁ ইটো সংসাৰৰ সুখ।
কৌশল্যা সুমিত্ৰা নেদেখিলোঁ দুইমাৱ।
ষাঠী লক্ষ ৰাজা কোটী লক্ষ প্ৰজাচয়॥ ১১৩॥
সীতাৰ নিমিত্তে দুই ভাইৰ যাই প্ৰাণ।
গুণন্তে গুণন্তে আসি মিলিবে মৰণ॥
অনন্তৰে দূতে নিয়া যোগাইলে তেখন।
হেন দেখি মৈৰাৱণে বুলিলা বচন॥ ১১৪॥
শীঘ্ৰকৰি আসিয়োক কৰিয়োক স্নান।
হেন শুনি জলত নামিলা-দুয়ো জন॥