পৃষ্ঠা:মহীৰাৱণ বধ.djvu/২০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৮ )

কৰ্ণে শুনি আছোঁ আজি চক্ষুৱে দেখিলে।
এতকাল হনুবাপ কিসক নাসিলে॥ ৯১॥
আসিয়োক পুত্ৰ বুলি কৰিলা চুম্বন।
কিসক আসিলি পুত্ৰ কিবা প্ৰয়োজন॥
সত্বৰে কহিয়ো বাপ! বিলম্ব নকৰ।
মনৰ বাঞ্চিত তোৰ লৈয়ো একবৰ॥ ৯২॥
হেন শুনি হনুমন্তে কৰ যোড় কৰি।
ৰাম লক্ষ্মণ দুইক আনিয়াছে হৰি॥
তাঙ্ক এড়ি দিলে মাত্ৰ বৰ যশ পাওঁ।
আন যত বলী লগে লক্ষ কোটী দিওঁ॥ ৯৩॥
হেন বাণী শুনিয়া বেতাল চণ্ডী বোলে।
আন যত খোজমানে দিবোহোঁ সকলে॥
ৰাম লক্ষ্মণক মই নপাৰো দিবাক।
যদি দয়া আছে পুত্ৰ তোমাৰ আমাক॥ ৯৪॥
পুনৰপি হনুমন্তে বলিলা বচন।
আন নলাগয় লাগে ৰাম যে লক্ষণ॥
যদি নেদা তাহাক বুলিয়ো শীঘ্ৰ কৰি।
তেবে মই এতিক্ষণে যাওঁ পৰিহৰি॥ ৯৫॥
এতেক বচন যদি হনুয়ে বুলিলা।
শুনিয়া বেতাল চণ্ডী ক্ৰোধত জ্বলিলা॥
নেদো তপসীক বুলিলোহোঁ নিষ্ঠ কৰি।
গুম গুছ যথা লাগে চলহ অন্তৰি॥ ৯৬॥
হেন শুনি হনুমন্তে চালিলন্ত গাৱ।
সুমৰিলা ৰাম লক্ষ্মণৰ দুই পাৱ॥