পৃষ্ঠা:মহীৰাৱণ বধ.djvu/৩৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৫০

পাছে গৰ্ভাসুৰ বীৰ বায়ুবেগে উঠি।
হনুৰ হিয়াত তাড়িলেক দৃঢ় মুঠি॥
দাৰুণ প্ৰহাৰ পায়া বায়ুৰ নন্দন।
মহাদুখে বসিয়া তম্ভিল কতোক্ষণ॥ ১৯০॥
হনুমন্তে বোলে আবে কোন কৰ্ম্ম কৰোঁ॥
গৰ্ভাসুৰ পাপীষ্টক কোন মতে মাৰোঁ॥
ৰাৱণে লৈয়াছে বৰ পূৰ্ব্বত হৰত।
সিকাৰণে তাৰ বধ নোহে কোন মত॥১৯১॥
হেন জানি নৰ লোক তেজি আন কাম।
ৰামৰ চৰণে ভজি বোলাঁ ৰাম ৰাম॥ ১৯২॥

⸻⸻

দুলড়ি।

পাছে হনুমন্ত,   উপায় চিন্তন্ত,
 কিমতে বধিবোঁ আক।॥
মোৰ বল বুদ্ধি,   সকলে হৰিল,
 মুখতো হৰিল মত॥
সাগৰ তৰিলোঁ,   লঙ্কাক পূড়িলোঁ,
 সীতাত বাৰ্ত্তা জানাইলোঁ।
ৰামতো জনায়া,   সেতুক বান্ধিয়া,
 সাগৰৰ পাৰ ভৈলোঁ॥১৯৩॥