হনুমন্তে বোলে মই কোন কৰ্ম্ম কৰোঁ।
ৰাক্ষসক মাৰিয়া ৰামক নিবে পাৰোঁ॥ ৬৭॥
মৈৰাৱণ সমে লাগিবেক ঘোৰ যুদ্ধ।
নাগ পাশ মাৰি মোক কৰিবেক বদ্ধ॥
বলত কৰিয়া জানো বুদ্ধিয়েসে ছাৰ।
এক মায়া কৰোঁ আজি লোক অনাচাৰ॥ ৬৮॥
হনুমানে বোলে কৰোঁ উপায় এখন।
যেন মতে জানে মোক শ্ৰীৰাম লক্ষ্মণ॥
এহি বুলি হনুমান কাক ৰূপ ভৈলা।
উৰাৱ কৰিয়া কাক লগত পৰিল। ৬৯।
সবে কাক মাৰিয়া আধাৰ কাঢ়ি খাই।
কিছু কিছু কৰি দেহা বাঢ়ন্তে সেযাই॥
শ্ৰীৰামে বোলন্ত দেখা ভৈয়াই লক্ষ্মণ।
সাক্ষাতে দেখোহোঁ যেন পৱন নন্দন॥ ৭০॥
কপীৰ মধ্যত যেন বলে থুলন্তৰ।
কাকৰ মধ্যত দেখোঁ তেনয় আকাৰ॥
লক্ষ্মণে বোলন্ত দদা নুবুজি কাৰণ।
কোথা হন্তে আসিবন্ত পৱন নন্দন॥ ৭১॥
দক্ষিণ যে উৰু ফন্দে দক্ষিণ নয়ন।
জানা আমাসাৰ কিছু ভৈল শুভক্ষণ॥
বিপাঙ্গে পৰিলোঁ আবে হৰাইল চেতন।
ইনো বেলা হনু আসি কৰিবেক ত্ৰাণ॥ ৭২।
হৰি হৰি হনু বাপ আসা একবাৰ।
অপাৰ সাগৰে আসি কৰিয়ো উদ্ধাৰ॥
পৃষ্ঠা:মহীৰাৱণ বধ.djvu/১৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৪ )